28 C
Guwahati
Sunday, October 2, 2022
More

    ভাৰতীয় জাতীয় পতাকা খনৰ বিষয়ে কিছু বিশেষ কথা…

    ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত আৰু মাথো কেইটামান মুহুৰ্ত বাকি। ১৫ আগষ্টৰ দিনটোতেই ব্ৰিটিছৰ ২০০ বছৰীয়া ৰাজত্বৰ পৰা স্বাধীন হৈছিল ভাৰত।

    বহু পুৰোধাৰ অশেষ কষ্ট, ত্যাগৰ প্ৰতিদান হিচাপে লাভ কৰা হৈছে আজিৰ এই মুকলি আকাশ, স্বাধীন উশাহ। ভাৰতে সেই ব্ৰিটিছৰ সমানেই থিয় দিব পৰা ক্ষমতা আহৰণ কৰিছে।

    আজিৰ ভাৰতৰ নাগৰিকৰ আশা – আকাংক্ষা, আত্মসন্মান সকলো নিহিত হৈ আছে ভাৰতীয় জাতীয় পতাকাখনিত। তিনিটা ৰঙেৰে সৈতে অশোক চক্ৰই প্ৰতি ভাৰতীয়ক দি যায় শক্তি।

    সেই জাতীয় পতাকাৰে আছে উত্তোলন, ব্যৱহাৰ, প্ৰদৰ্শনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সন্মানক অপমান প্ৰতিৰোধ আইন, ১৯৭১ আৰু ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ কিছুমান নীতি-নিয়ম। ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ কেতবোৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-

    ৩০ ডিচেম্বৰ, ২০২১ ৰ এক নিৰ্দেশনা অনুসাৰে ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ সংশোধন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে পলিষ্টাৰৰে বা মেচিনত প্ৰস্তুত ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হয়। এতিয়া সেয়ে হাতে কটা আৰু হাতে বোৱা বা মেচিনত প্ৰস্তুত, কপাহী, পলিষ্টাৰ, ঊল, ছিল্ক বা খাদীৰ ৰাষ্ট্ৰীয় পতাকা উপলব্ধ হৈছে।

    সকলো ৰাজহুৱা, ব্যক্তিগত সংস্থা বা শৈক্ষিক প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় পতাকাখনিৰ মৰ্য্যাদা ৰক্ষা কৰি আৰু ইয়াৰ প্ৰতি সন্মান সহকাৰে আনুষ্ঠানিক বা অন্যান্য সকলো দিন আৰু পৰ্বতে ৰাষ্ট্ৰীয় পতাকাখনি উত্তোলন বা প্ৰদৰ্শন কৰিব পাৰে।

    তাৰোপৰি ১৯ জুলাই, ২০২২ ৰ এক নিৰ্দেশনা অনুসাৰে ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ সংশোধন কৰা হৈছে আৰু ভাৰতীয় পতাকা সংহিতাৰ অংশ-II ৰ অনুচ্ছেদ ২.২ ৰ দফা-xi ৰ ঠাইত নিম্ন উল্লেখিত দফাটো প্রতিস্থাপিত কৰা হয়-

    য’ত পতাকাখন মুকলিকৈ প্ৰদৰ্শন কৰা হয় বা জনসাধাৰণৰ ঘৰত প্ৰদৰ্শন কৰা হয়, তাত ইয়াক দিনে-ৰাতিয়ে উৰুৱাব পাৰি

    ৰাষ্ট্ৰীয় পতাকাখনি আয়তাকাৰ হ’ব লাগিব। পতাকাখন যিকোনো আকাৰৰ হ’ব পাৰে কিন্তু ইয়াৰ দৈৰ্ঘ্য আৰু উচ্চতা (প্ৰস্থ) ৰ অনুপাত ৩:২ হ’ব লাগিব।

    সন্মানজনক স্থানত ৰাষ্ট্ৰীয় পতাকাখনি প্ৰদৰ্শন আৰু ইয়াক সুকীয়াকৈ স্থাপন কৰিব লাগে।

    অপৰিচ্ছন্ন বা বিকৃত পতাকা প্ৰদৰ্শন কৰিব নালাগে।

    পতাকাখনি একেসময়তে আন কোনো পতাকাৰ সৈতে এটা মাষ্টহেডত উৰুৱাব নালাগে।

    পতাকা সংহিতাৰ অংশ-III ৰ দফা-ix ত উল্লেখিত গণ্যমান্য ব্যক্তিসকল যথাঃ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আদিৰ বাহিৰে আন কোনো বাহনত পতাকাখন উৰুৱাব নালাগে।

    ৰাষ্ট্ৰীয় পতাকাতকৈ ওখ বা ওপৰত বা আশে-পাশে আন কোনো পতাকা বা বান্টিং উৰুৱাব নালাগে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং