বঙাইগাঁৱত ভুৱা সমাজকল্যাণ বিভাগৰ কৰ্মচাৰীক আটক

প্ৰৱঞ্চকক আৰক্ষীয়ে আটক কৰি বইটামাৰী আৰক্ষী চকীলৈ লৈ আহে। আজি পুৱা বহলপুৰৰ কনমণি বৰ্মনৰ পৰা ১০০০ টকা নিবলৈ আহোতে স্থানীয় ৰাইজে হাতে-লোটে ধৰি আৰক্ষীক গতাই দিয়ে

0
40

বঙাইগাঁৱত ভুৱা সমাজকল্যাণ বিভাগৰ কৰ্মচাৰীক আটক। দিব্যাংগ লোকক ২৫০০০ টকা দিয়াৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক আটক কৰে ৰাইজে৷ ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে। বঙাইগাঁৱৰ বইটামাৰীৰ নিত্য বজাৰত বিশেষভাৱে সক্ষম লোকক এককালীন সাহায্য দিয়াৰ প্ৰলোভনৰে টকা সংগ্ৰহ কৰি আহিছিল প্ৰৱঞ্চকটোৱে।

প্ৰৱঞ্চকক আৰক্ষীয়ে আটক কৰি বইটামাৰী আৰক্ষী চকীলৈ লৈ আহে। আজি পুৱা বহলপুৰৰ কনমণি বৰ্মনৰ পৰা ১০০০ টকা নিবলৈ আহোতে স্থানীয় ৰাইজে হাতে-লোটে ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত গোৱালপাৰাৰ লক্ষ্মীপুৰৰ মুনিন্দ্ৰ ৰাভা। ইয়াৰ লগত জড়িত আন এজন অভিযুক্ত ঘটনাস্থলীৰ পৰা পলায়ন। বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বিশেষভাৱে সক্ষম লোকক পৰা বৃহৎ পৰিমানৰ ধন সংগ্ৰহৰ অভিযোগ৷

Input: Prasanta Roy

Photo: Time8