অসমৰ মৰাণত আজি পুৱাই দেখা গ’ল বৰফৰ আচ্ছাদন, ঘৰ-চোতাল-ৰাজপথ সকলোতে বৰফৰ দলিচা

0
313

অসমৰ মৰাণত আজি পুৱাই দেখা গ’ল বৰফৰ আচ্ছাদন, ঘৰ-চোতাল-ৰাজপথ সকলোতে বৰফৰ দলিচা।

প্ৰথম দেখোতেই ভুল নকৰিব , এয়া কোনো অৰুণাচলৰ মায়দিয়া বা, উত্তৰ প্ৰদেশ অথবা কাশ্মীৰ নহয়। বৰফৰ দলিচা পৰা এয়া অসমৰ দৃশ্য।

আজি পুৱাই ডিব্ৰুগড় জিলাৰ মৰাণত দেখা পোৱা গ’ল এই দৃশ্য।

চাৰিওফালে কেৱল বগা আৰু বগা বৰফৰ পাতল আৱৰণ।

ঘৰৰ চোতাল, পথাৰ, ৰাজপথ সকলোফালে বৰফৰ দলিচা।

দুচকীয়া-চাৰিচকীয়া বাহনে সেই বৰফৰ ওপৰেৰেই যাত্ৰা কৰিছে। বৰফৰ লগতে ডাঠ কুঁৱলীৰ আৱৰণ। লগতে আছে শীতৰ প্ৰকোপ।

পুৱা ১২ডিগ্ৰী চেলছিয়াচলৈ নামে মৰাণৰ উষ্ণতা। লগতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জানিব পৰা মতে বৰষুণৰো সম্ভাৱনা আছে মৰাণত।

Photo Credit- Facebook and Twitter