দুই বন্ধুৱে পালে পদ্মশ্ৰী বঁটা; দুয়োৰে কাহিনী অত্যন্ত আকৰ্ষণীয়

0
2099

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে পদ্ম বঁটা। এইবাৰ এই বঁটাৰ বাবে মনোনীত কৰা হৈছে কেইবাগৰাকীও অখ্যাত নায়কক। ইয়াৰ ভিতৰত আছে তামিলনাডুৰ দুজন বন্ধুৰ নাম আৰু তেওঁলোকৰ কাহিনী অত্যন্ত আকৰ্ষণীয়।

তেওঁলোক দুজন হৈছে ৱাদিভেল গোপাল আৰু মাছি সদায়ন। দুয়োকে এইবাৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হ’ব।

দুয়োজন বন্ধু সাপ ধৰাৰ বিশেষজ্ঞ আৰু তেওঁলোকক গ্ল’বেল স্নেক এক্সপাৰ্ট বুলি কোৱা হয়।

গোপাল আৰু সদায়ন কেৱল ভাৰততে নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্ততো সাপ ধৰিবলৈ যায়। সাপ ধৰাৰ লগতে এই ক্ষেত্ৰত মানুহক সজাগ কৰাৰো প্ৰয়াস কৰি আহিছে।

গোপাল আৰু মাছি সদায়ন তামিলনাডুৰ ইৰুলা জনগোষ্ঠীৰ, যি বিষাক্ত সাপ ধৰাৰ বাবে পৰিচিত। ইৰুলা জনগোষ্ঠীয়ে দেশৰ স্বাস্থ্যসেৱাৰ পৰিৱেশ তন্ত্ৰত অপৰিসীম অৱদান আগবঢ়াইছে। চৰকাৰেও তেওঁৰ অৱদানক স্বীকৃতি দি আহিছে।

সাপ ধৰাৰ বিশেষজ্ঞ গোপাল আৰু সদায়নে ইয়াৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই। কিন্তু বিশ্ব ভ্ৰমণ কৰি তেওঁলোক দুয়োজনে মানুহক সাপ ধৰিবলৈ প্ৰশিক্ষণ দিয়ে।

দুয়োজন বন্ধুৱে পুৰণি কৌশল ব্যৱহাৰ কৰি সাপ ধৰি আহিছে, যিটো তেওঁলোকে পূৰ্বপুৰুষৰ পৰা লাভ কৰিছে।