৫০ দিন ধৰি সন্ধানহীন মহিলাৰ কংকাল সদৃশ মৃতদেহ উদ্ধাৰ, মৃত্যুৰ সময়ত আছিল ৪ মাহৰ গৰ্ভৱতী

0
13840

৫০ দিন ধৰি সন্ধানহীন মহিলাৰ কংকাল সদৃশ মৃতদেহ উদ্ধাৰ, মৃত্যুৰ সময়ত আছিল ৪ মাহৰ গৰ্ভৱতী।

পৰিয়ালৰ গোচৰৰ পাছৰে পৰা এগৰাকী মহিলাৰ সন্ধানত নামি পৰিছিল আৰক্ষী। কিন্তু বিগত ৫০ দিন ধৰি কতো কোনো খা-খবৰ নথকা মহিলাগৰাকীৰ অৱশেষত সন্ধান ওলাল। সন্ধানহীন হোৱাৰ সময়ত মহিলাগৰাকী গৰ্ভৱতী আছিলষ

নিৰুদ্দেশ হৈ থকা গৰ্ভৱতী মহিলাৰ কংকাল অৱশেষত ৫০ দিনৰ পিছত অৰণ্যত পোৱা গৈছে। বৰ্তমানে স্বামীকে ধৰি পাঁচজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এই ঘটনা উত্তৰাখণ্ডৰ।

সন্ধানহীন হৈ থকা এগৰাকী বিবাহিত মহিলাৰ কংকাল ৫০ দিনৰ পিছত গাঁওখনৰ ওচৰৰ অৰণ্যৰ জোপোহাৰ মাজত পোৱা গৈছে। মহিলাগৰাকীক পৰিয়ালে তেওঁৰ কাপোৰৰ পৰা চিনাক্ত কৰিছে।

মৃতমহিলাগৰাকী তিনিৰ পৰা চাৰি মাহৰ গৰ্ভৱতী বুলি জানিব পৰা হৈছে। মাতৃগৃহৰ লোকসকলে হত্যাৰ সন্দেহ কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। মৃত মহিলাগৰাকীৰ নাম সৰস্বতী দেৱী।

বিগত শনিবাৰে সন্ধিয়া, গাঁওখনৰে কিছুমান মহিলাই পশুখাদ্যৰ বাবে অৰণ্যলৈ গৈছিল। তেতিয়াই তেওঁলোকে গাঁওখনৰ পৰা ৫০০ মিটাৰ দূৰত থকা জোপোহাৰ মাজত কংকালটো দেখিছিল।

ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে আৰক্ষী আৰু ৰাজহ বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। সকলো তথ্য ৰুজু কৰাৰ পাছত আৰক্ষীয়ে কংকালটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।