33 C
Guwahati
Monday, September 26, 2022
More

    এহাল যুৱক-যুৱতীক নাঙঠ কৰি মাৰপিট ৬ যুৱকৰ, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

    এহাল যুৱক-যুৱতীক নাঙঠ কৰি মাৰপিট ৬ যুৱকৰ, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

    মানৱতাক লজ্জানত কৰা এক ঘটনা । এহাল যুৱক-যুৱতীক নাঙঠ কৰি অকথ্য মাৰপিট এদল যুৱকৰ। পৈশাবিকতাৰ সীমা চেৰাই সেই অশ্লীল ইংগিত দিয়াৰ লগতে ঘটনাৰ ভিডিঅ’ কৰি ৰাখে যুৱকৰ দলটোৱে।

    উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ পৰা এই লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। এগৰাকী যুৱতীক প্ৰহাৰ কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে। মুঠ ৬ জনকৈ যুৱকে মিলি আক্ৰমণ কৰিছিল যুৱতীগৰাকীৰ লগতে যুৱকগৰাকীক।

    ভাইৰেল হোৱা ভিডিঅত দেখা পোৱা অনুসৰি, যুৱতীগৰাকীক যুৱককেইগৰাকীয়ে অতি বেয়াকৈ প্ৰহাৰ কৰে । যুৱতীগৰাকীয়ে বাৰে বাৰে প্ৰাণ ভিক্ষা মাগি থাকে। প্ৰহাৰ নকৰিবলৈয়ো প্ৰাৰ্থনা কৰি থাকে কিন্তু যুৱককেইগৰাকীয়ে কোনো ধৰণৰ ৰেহাই নিদিয়ে যুৱতীগৰাকীক।

    যুৱক কেইগৰাকীয়ে যুৱতীগৰাকীক অতি বেয়াকৈ আক্ৰমণ কৰাৰ লগতে অশ্লীল মন্তব্য আৰু ব্যৱহাৰো কৰে। 

    জানিব পৰা অনুসৰি, এই ঘটনা ১৬ আগষ্ট তাৰিখৰ। এগৰাকী যুৱতী প্ৰেমিকৰ সৈতে এখন অৰণ্য ফুৰিবলৈ গৈছিল। তাতেই ৬ জন যুৱকৰ সৈতে মুখামুখি হয় যুৱক-যুৱতকীহাল।

    তেতিয়াই লগে লগেই যুৱকৰ দলটোৱে যুৱক-যুৱতীহালৰ কাপোৰ কানি ফালি পেলাই আক্ৰমণ কৰিবল ধৰে।

    বৰ্তমানে ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে পদক্ষেপ লৈছে। ঘটনা সংক্ৰান্তৰ ভিডিঅটোত দেখা অনুসাৰে সেই ৬ যুৱকৰ ৩ গৰাকীক ইতিমধ্যে আটক কৰিছে।

    অন্য ৩ জন পলাতক অৱস্থাত। তাৰোপৰি আৰক্ষীয়ে সেই যুৱক-যুৱতী হালৰো পৰিচয় উদ্ধাৰত আছে যদিও কতো কোনো ধৰণৰ খা খবৰ নাই যুৱক-যুৱতীহালৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং