টায়াৰ ফাটি নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা চাৰিচকীয়া বাহনৰ, মহিলাসহ ৬ জন থিতাতে নিহত…

0
343

টায়াৰ ফাটি নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা চাৰিচকীয়া বাহনৰ, মহিলাসহ ৬ জন থিতাতে নিহত…

টায়াৰ ফাটি যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰিচকীয়া বাহনে পথৰ দাঁতিৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰাত কৰুণ মৃত্যুক সাৱটি লয় ৬ জন লোকে। দেওবাৰে পুৱা এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ বুলধনা জিলাৰ সমৰুদ্ধি এক্সপ্ৰেছৱেত।

জানিবলৈ পোৱা অনুসৰি, দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত ৫ গৰাকীয়েই মহিলা। ইফালে এই দুৰ্ঘটনাত বাহনখনত থকা আন ৭ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখন ঔৰংগাবাদৰ পৰা বুলধনাৰ শ্বেগাঁও অভিমুখে গৈ আছিল। বাহনখন পুৱা প্ৰায় ৮ বজাত শিৱানী পিছা গাঁৱৰ সমীপত উপস্থিত হোৱাৰ সময়তে টায়াৰ ফাটি যোৱাৰ ফলত নিয়ন্ত্ৰণহীন হৈ পৰে।