27 C
Guwahati
Wednesday, September 28, 2022
More

    ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৬ গৰাকী লোকে

    ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৬ গৰাকী লোকে। আজি দেওবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

    মহাৰাষ্ট্ৰৰ বিড জিলাত এখন গাড়ী আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষত ৬ জন লোক নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পুৱা প্ৰায় ৫.৩০ মান বজাত মঞ্জৰচুম্বা-পাটোদা ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়।

    ঘটনাটোৰ বিৱৰণ অনুসৰি আৰক্ষীৰ প্ৰাথমিক তথ্যত প্ৰকাশ পোৱা মতে, কেজ তহচিলৰ জীৱচিৱাড়ী গাঁৱৰ এটা পৰিয়াল পুনেলৈ গৈ আছিল ।

    তেতিয়াই বিপৰীত দিশেৰে অহা এখন টেম্পোৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত পৰিয়ালটোৰ পাঁচজন সদস্য আৰু টোম্পোখনৰ এজন ব্যক্তিৰ মৃত্যু হয়।

    আৰক্ষীয়ে সদৰি কৰা অনুসৰি বাহন দুখন পৃথক কৰিবলৈ ক্ৰেইন ব্যৱহাৰ কৰিব লগা হৈছিল। বিষয়াসকলে কয় যে সংঘৰ্ষটো বহুত ভয়ংকৰ আছিল মৃতদেহবোৰো চিনাক্ত কৰা টান হৈ পৰে। ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং