
গুজৰাটৰ পৰা পুৱাই আহিল এটা বেয়া খবৰ। ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুৱাইছে ৬জন লোকে। বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনা।
ৰাজকোটৰ শিৱানন্দ কভিড হাস্পতালত এই ঘটনা সংঘটিত হৈছিল। ঘটনাত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী বিজয় ৰোপানীয়ে সমগ্ৰ ঘটনাত তদন্তৰ নিৰ্দেশ দিছে। উল্লেখ্য যে, বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।