স্বামীৰ সমুখতেই পত্নীক ৬ পাষণ্ডৰ দলবদ্ধ ধৰ্ষণ, সংকটজনক অৱস্থাত মহিলা

0
3878
প্ৰতিনিধিত্বমূলক চিত্ৰ

স্বামীৰ সমুখতেই পত্নীক ৬ পাষণ্ডৰ দলবদ্ধ ধৰ্ষণ, সংকটজনক অৱস্থাত মহিলা

মাকৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ বুলি আহি থকা অৱস্থাতে স্বামী-পত্নীৰ লগত সংঘটিত হয় এক অতিকে ভয়ংকৰ ঘটনা। যি ঘটনাই কপাই তুলিছে সমগ্ৰ অঞ্চল।

ঝাৰখণ্ডৰ পালামৌত কালি নিশা সংঘটিত হৈছে এই ঘটনা। স্বামীৰ সমুখতেই পত্নীক ৬ পাষণ্ডৰ দলবদ্ধ ধৰ্ষণ। যি ধৰ্ষণকাণ্ডৰ পাছত এতিয়া সংকটজনক অৱস্থাত মহিলা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, স্বামীৰ সৈতে কাজিয়া লাগি মাকৰ ঘৰলৈ গৈছিল ২২ বৰ্ষীয় মহিলাগৰাকী। পাছে কালি স্বামীয়ে পত্নীক সৈমান কৰি ঘৰলৈ ঘুৰাই আনিবৰ বাবে উপস্থিত হৈছিল পত্নীৰ মাকৰ ঘৰত।

বহু বুজনি দিও সৈমান কৰিব পৰা নাছিল। অৱশেষত সন্ধিয়ালৈ পিতৃ-মাতৃৰ কথাত সৈমান হৈ স্বামীৰ সৈতে যাবলৈ মান্তি হয়। কিন্তু লাগে লাগে নিশা নামি অহাত স্বামীয়ে পত্নীৰ লগতে এগৰাকী পত্নীৰ পালৰ এগৰাকী ভাতৃকো লগত লৈ বাইকত ঘৰলৈ বুলি উভতনি যাত্ৰা কৰে।

কিন্তু মাজ বাটতে ৬ পাষণ্ডই পাই তিনিওকে। বাটতে ৰখাই সকলো টকা লুট কৰাৰ লগতে ঘড়ী-অলংকাৰ, আনকি বাইকো জব্দ কৰে। পাছে সিমানতে খান্ত নহৈ পতি-পত্নীৰ লদতে ভায়েকগৰাকীকো বেয়াকৈ প্ৰহাৰ কৰে দলটোৱে।

তাৰ পাছত স্বামী আৰু ভাতৃক হাতে-ভৰিয়ে বান্ধি লৈ তেঁওলোকৰ সমুখতেই পত্নীক ধৰ্ষণ কৰে ৬ পাষণ্ডই। ৪ ঘণ্টা ধৰি ধৰ্ষণ কৰাৰ লগতে পাছত সেই বাইকতে বহাই অন্য ঠাইলৈ নিয়াৰ বাবে যো-জা কৰে মহিলাগৰাকীক।

তেতিয়াই কিছু দূৰৈত এখন বাহন আহি উপস্থিত হোৱাত চিঞৰ-বাখৰ কৰে মিহলাগৰাকীয়ে। মহিলাগৰাকীৰ চিঞৰ শুণি লগে লগে কাষ চাপি আহে বাহনখনৰ লোক। লগে লগে মহিলাগৰাকীক বাইকৰ সৈতে তাতে এৰি পলায়ন কৰিবলৈ চেষ্ঠা কৰে কিন্তু সেই ৬ ভিতৰত ২ পাষণ্ড ধৰা পৰে।

লগতে কাষৰ গাঁওবাসীকো খবৰ কৰে বাহন খনৰ লোকে। লোক সকল উপস্থিত হৈ মহিলাগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে স্বামী আৰু ভাতৃকো বন্ধনৰ পৰা মুক্ত কৰে।

নিশাই স্বামী কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে ঘটনাৰ ওপৰত গোচৰ ৰুজু কৰাৰ লগতে দুই পাষণ্ডক সোধপোচ অব্যাহত ৰাখিছে লগতে অন্য কেইটাকো আতক কৰিবলৈ তদন্ত ক্ষীপ্ৰতৰ কৰি তুলিছে।