33 C
Guwahati
Friday, August 5, 2022
More

    পাকিস্তানী যুৱকে কলুষিত কৰিলে মদিনা মছজিদৰ পৱিত্ৰতা ! কাৰাগাৰলৈ প্ৰেৰণ যুৱকক

    পাকিস্তানী যুৱকে কলুষিত কৰিলে মদিনা মছজিদৰ পৱিত্ৰতা ! কাৰাগাৰলৈ প্ৰেৰণ যুৱকক

    চৌদি আৰৱত পাকিস্তানৰ ছয়জনকৈ লোকক দিলে ১০ বছৰৰ জেল। দৰাচলতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে তেওঁৰ প্ৰতিনিধিদলৰ সৈতে চৌদি আৰৱ ভ্ৰমণ কৰিব গৈছিল।

    এই সময়ছোৱাত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু তেওঁৰ প্ৰতিনিধি দলটো মদিনাৰ মছজিদ–নাবাভিতলৈ গৈছিল । তেওঁলোকে মদিনাৰ মছজিদত প্ৰৱেশ কৰাৰ লগে লগে তাত থকা পাকিস্তানৰ ছয়জন কৈ লোকে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ প্ৰতিনিধিদলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল।

    তেওঁলোকৰ বিৰুদ্ধে আপত্তিজনক শ্ল’গান কৰিছিল। লোককেই প্ৰধানমন্ত্ৰী গৰাকীক দেখি চোৰ চোৰ বুলি শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল ।

    তাৰ পিছতে পাকিস্তানৰ নাগৰিক কেইগৰাকীক চৌদি আৰৱৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লোককেইজনক গ্ৰেপ্তাৰ কৰি আদালতলৈ নিয়াৰ পিছত আদালতে কেওঁলোকক ১০ বছৰৰ কাৰাদণ্ড দিয়ে।

    ইয়াৰ বাহিৰেও তেওঁলোকৰ মোবাইল ফোন জব্দ কৰাৰ লগতে প্ৰত্যেককে ২০,০০০ চৌদি ৰিয়ালৰ জৰিমনাও আৰোপ কৰিছে।পাকিস্তানী নাগৰিক ছয়জনক মদিনাৰ মছজিদ-ই-নাবাভিৰ পৱিত্ৰতা উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং