দলঙৰ পৰা তলত বাগৰিল ভক্তৰে ভৰা বাছ; ৬ জনৰ মৃত্যু, ৫০ জনতকৈ অধিক আহত

0
45

শনিবাৰে ঝাৰখণ্ডৰ হাজাৰীবাগৰ তাতীঝাৰিয়াত শিখ তীৰ্থযাত্ৰীৰে ভৰা এখন বাছ দলঙৰ পৰা বাগৰি পৰাত ৬ জন লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে ৫০ জনতকৈ অধিক ভক্ত গুৰুতৰভাৱে আহত হয়।

গিৰিডিহৰ পৰাসনাথৰ হাজাৰীবাগ অভিমুখে আহি আছিল বাছখন।

এই ঘটনাক লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি জিলা প্ৰশাসনে পৰ্যাপ্ত পৰিমানে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে টুইট কৰি কয়, ‘তাতিঝাৰিয়াত সংঘটিত দুৰ্ঘটনাটোৰ কথা জানিব পাৰি অত্যন্ত দুঃখিত হৈছো। ভগৱানে বিদেহ আত্মাক শান্তি দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক শক্তি দিয়ক। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো’।

হাজাৰীবাগৰ সমীপত প্ৰায় ৬০ জন লোকেৰে ভৰা বাছখন সেৱানে নৈত পৰাৰ ফলত ৬ জন লোকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত আহত সকলক আন এখন বাছ আৰু এম্বুলেন্সেৰে হাজাৰীবাগলৈ লৈ যোৱা হয়।

উদ্ধাৰকাৰ্যত সহায় কৰে দাৰু আৰক্ষী আৰু গাঁওবাসীয়ে।