ছত্তীশগড়ৰ ITBP কেম্পত এজন জোৱানৰ অতৰ্কিতে চলোৱা গুলীত ৬জন জোৱান নিহত

আটাইকেইজন জোৱান ITBPৰ ৪৫ বেটালিয়নৰ। ইয়াৰে ৩জন জোৱান আহত

0
1714
Photo credit: google.com

ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ কডেনাৰস্থিত ITBP কেম্পত এজন জোৱানে অতৰ্কিতে চলোৱা গুলীত ৬জন জোৱান নিহত হোৱাৰ লগতে গুলীচালনা কৰা জোৱানজনো নিহত হয়। বস্তৰ আইজি সুন্দৰৰাজ পি জনোৱা অনুসৰি তদন্তৰ পিছতহে এই ঘটনাৰ ৰহস্য ফাদিল হ’ব।

ঘটনাস্থলীলৈ ৰাওনা নাৰায়ণপুৰ এছপি। আটাইকেইজন জোৱান ITBPৰ ৪৫ বেটালিয়নৰ। ইয়াৰে ৩জন জোৱান আহত। আৰক্ষী মহানিৰীক্ষকে জনোৱা অনুসৰি জোৱাসকলৰ মৃতদেহ আৰু আহত জোৱানকেইজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। তেওঁ ক’লে যে নাৰায়ণপুৰ জিলাৰ আৰক্ষী অধীক্ষক মোহিত গাৰ্গো ঘটনাস্থলীলৈ ৰাওনা।