চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড ! জীৱন্তে অগ্নিদগ্ধ হৈ চিকিৎসক সহ ৬ জনৰ মৃত্যু

0
59

চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড ! জীৱন্তে অগ্নিদগ্ধ হৈ চিকিৎসক সহ ৬ জনৰ মৃত্যু

শুকুৰবাৰে নিশা প্ৰায় ১ বজাত ঝাৰখণ্ডৰ ধানবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ডটোৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ ৬ জন লোকৰ মৃত্যু হয়।

জানিব পৰা মতে অগ্নিকাণ্ডটোৰ সময়ত সকলোৱে শুই আছিল।এজন চিকিৎসকৰ মৃতদেহ বাথটাবত পোৱা গৈছিল।

আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ নিজকে বচাবলৈ পানীৰ টাবত বহি আছিল।

অগ্নিকাণ্ডটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। জুইৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে।

চিকিৎসালয়খনৰ চিকিৎসক বিকাশ হাজৰাই খিৰিকীৰ পৰা নিজকে বচাবলৈ অনুৰোধ কৰিছিল।

দৰাচলতে চিকিৎসালয়খনৰ নাম হাজৰা ক্লিনিক আৰু চিকিৎসালয় ।

এই চিকিৎসালয়খন ধানবাদৰ বেংক ম’ৰ আৰক্ষী থানা এলেকাত টেলিফোন এক্সচেঞ্জ ৰোডত আছে।

চিকিৎসকজনে তেওঁৰ পৰিয়ালৰ সৈতে ক্লিনিকৰ প্ৰথম
মহলাত বাস কৰিছিল।

অগ্নিকাণ্ডটোৰ ফলত চিকিৎসক বিকাশ হাজৰা আৰু তেওঁৰ পত্নী প্ৰেমা হাজৰা, তেওঁলোকৰ ভতিজাককে ধৰি ছয়জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে।

চিকিৎসালয়খনৰ বিভিন্ন কোঠাৰ পৰা তেওঁলোকৰ মৃতদেহ সমূহ উদ্ধাৰ কৰে।