দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ; দুজন মেজৰকে ধৰি ৬ গৰাকী সেনা বিষয়া নিহত

0
121
প্ৰতিনিধিত্বমূলক চিত্ৰ

পাকিস্তানৰ বেলুচিস্তানত দুৰ্ঘটনাগ্ৰস্ত হৈছে সেনাৰ এখন হেলিকপ্টাৰ। এই হেলিকপ্টাৰ দুৰ্ঘটনাত দুজন মেজৰসহ ছয়জন জোৱানৰ মৃত্যু ঘটিছে।

বিগত সময়ছোৱাত এই অঞ্চলত সেনাৰ কেইবাখনো হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে।

যোৱা আগষ্ট মাহতো হেলিকপ্টাৰ দুৰ্ঘটনাত দুজন বিষয়াকে ধৰি ছয়জন সেনা জোৱান নিহত হৈছিল।

সেনাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। তেওঁ শ্বহীদ পাকিস্তানী জোৱান সকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

জানিব পৰা অনুসৰি, দেওবাৰে নিশা পাকিস্তানত সেনাবাহিনীৰ এখন হেলিকপ্টাৰ ফ্লায়িং মিছনত গৈছিল। কিন্তু সন্দেহজনক কাৰণত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন।

দুজন পাইলটৰ উপৰি দুজন কমাণ্ডাৰ আৰু দুজন মেজৰ ৰেংকৰ বিষয়া বিমানখনত আছিল। দুৰ্ঘটনাটোত মৃত্যু হয় আটাই কেইগৰাকী বিষয়াৰ। সোমবাৰে পাকিস্তানী সেনাই এই দুৰ্ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।

কিন্তু বেলুচিস্তানত হেলিকপ্টাৰ দুৰ্ঘটনাটো কিবা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, উক্ত অঞ্চলত সেনা বাহিনীৰ ওপৰত প্ৰায়েই এইধৰণৰ ঘটনা সংঘটিত হৈ অহা পৰিলক্ষিত হৈ