32 C
Guwahati
Sunday, September 19, 2021
More

    যিকোনো মুহুৰ্ততে ভাগি পৰিব পাৰে ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পাৰ, তীব্ৰ প্ৰতিক্ৰিয়া অঞ্চলবাসীৰ

    যিকোনো মুহুৰ্ততে ভাগি পৰিব পাৰে ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পাৰ, তীব্ৰ প্ৰতিক্ৰিয়া অঞ্চলবাসীৰ

    শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ দক্ষিণ পাৰৰ এটা অংশ অতি জৰাজীৰ্ণ হৈ পৰিছে ৷যিকোনো মূহুৰ্ততে খহি পৰিব পাৰে এই পাৰৰ অংশটো৷ যি ঘটনাই এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    উল্লেখ্য যে আহোম ৰাজশাসনতেই স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সোঁৱৰণীত এই বিশালকায় পুখুৰীটো খন্দোৱাইছিল৷

    পুৰাতত্ব বিভাগৰ অধীনস্থ পুখুৰীটোৰ সংৰক্ষণ, সংবৰ্দ্ধণৰ ক্ষেত্ৰত বিভাগটোৰ অকমণ্যতাৰ বাবে পুখুৰীটোৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে ৷ইতিহাস প্ৰসিদ্ধ পুখুৰীটোক লৈ বিভাগটোৰ নিৰৱ ভূমিকাৰ বাবেই সম্প্ৰতি প্ৰৱল বৰষুণৰ ফলত পুখুৰীটোৰ দক্ষিণপাৰৰ এই অংশটো ফোপোলা হৈ পৰাৰ লগতে তলেদি পানী বিৰিঙিবলৈ আৰম্ভ কৰিছে ৷অতি জৰাজীৰ্ণ হৈ পৰা অংশটোৰ ওপৰেদি কোনো গধূৰ যান বাহণ অতিক্ৰম কৰে অথবা পুণৰ তীব্ৰ বৰষুণৰ আৰম্ভনি হয় তেন্তে নিশাৰ ভিতৰতেই পুখুৰীৰ পাৰ ভাঙি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

    উল্লেখ্য যে আজিৰ পৰা এটা দশকৰ পুৰ্বে পুখুৰীটোৰ দক্ষিণপাৰৰ এটা অংশ ভাঙি পৰাৰ ফলত পুখুৰীটোৰ বৃহত জলৰাশী বাহিৰলৈ ওলাই পৰাৰ লগতে পুখুৰীটোৰ মাছ, কাছও বাহিৰলৈ ওলাই গৈছিল৷ সেই সময়ত সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ পিছতেই চৰকাৰ, প্ৰশাসন, পুৰাতত্ব বিভাগে যুদ্ধকালিন তৎপৰতাৰে পাৰটো মেৰামতি কৰিছিল যদিও আশে পাশে থকা আন জৰাজীৰ্ণ অংশ সমুহ মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে৷ যাৰ বাবে বিভাগীয় অনীহাৰ বাবেই যিকোনে মুহুৰ্ততে ঐতিহাসিক পুখুৰীটোৰ এই অংশটো ভাঙি পৰাৰ আশংকা স্পষ্ট হৈ পৰিছে।

    শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই পুখুৰীৰ পাৰ পৰিদৰ্শন কৰি অনতিপলমে মেৰামতিৰ আশ্বাস দিয়ে।

    input: Sanjay pareek

    আৰু পঢ়ক : অসমত অতি শীঘ্ৰে গঠন কৰা হ’ব NSG সদৃশ ১০টা কমাণ্ডো বেটেলিয়ন কোম্পানি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং