
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত বিগত বছৰবোৰৰ দৰে এইবাৰো মহা শিৱৰাত্রি উৎসৱৰ আয়োজন কৰা হৈছে। আহোম স্বৰ্গদেউ শিৱ সিংহৰ দিনত নিৰ্মাণ কৰা এই শিৱদৌলত প্ৰতিষ্ঠা দিনৰে পৰা অনুষ্ঠিত হৈ আহিছে শিৱৰ পূজা আৰু আৰাধনাৰ এই উৎসৱ। বিগত বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা শিৱৰাত্ৰি উপলক্ষে আজি শিৱসাগৰৰ শিৱদৌল চৌহদত ব্যাপক জন সমাগম হোৱা দেখা যায়। ভক্তপ্ৰাণ লোকে পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি দেৱাদিদেৱ শিৱৰ পূজা অৰ্চনা কৰা দেখা যায়।

শিৱসাগৰ জিলা প্ৰশাসন আৰু দৌল উন্নয়ণ সমিতিৰ উদ্যোগত ২৩ ফেব্ৰুৱাৰী লৈ অনুষ্ঠিত হ’বলগা শিৱৰাত্ৰিৰ সতে সংগতি ৰাখি আয়োজন কৰা মেলাত প্ৰায় ৫ শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে। আজি সন্ধিয়া নগৰৰ দৌলমুখ চাৰিআলিৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক অনুষ্ঠানত নেপালৰ এদল শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।

শিৱসাগৰ জিলা প্ৰশাসনে মেলা উপলক্ষে কেতবোৰ বিশেষ ব্যৱস্থা লৈছে। এই ব্যৱস্থাৰ অংশৰূপে দৌল চৌহদত ৪০ টা চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে। লক্ষ্যণীয় যে শিৱৰাত্ৰিৰ সময়ত শিৱসাগৰৰ সোণৰ কলচীযুক্ত শতায়ু পুৰণি ভাৰতৰ সৰ্বোচ্চ শিৱদৌল ৰূপে পৰিচিত শিৱদৌললৈ ভক্ত আৰু সাধু সন্ন্যাসীৰ ব্যাপক ভিৰ হয় যদিও এইবাৰ কিছু ব্যতিক্ৰমী দেখা গৈছে। সাধু সন্ন্য়াসীৰ সংখ্যা এইবাৰ চকুত লগাকৈ কম।