28 C
Guwahati
Friday, September 17, 2021
More

    ৰাজ্যত পুনৰ জঘন্য কাণ্ড! ৫৫ বছৰীয়া ব্যক্তিয়ে দোকানৰ ভিতৰত ধৰ্ষণ কৰিলে শিশুক…

    ৰাজ্যত পুনৰ জঘন্য কাণ্ড! ৫৫ বছৰীয়া ব্যক্তিয়ে দোকানৰ ভিতৰত ধৰ্ষণ কৰিলে শিশুক…

    শিৱসাগৰৰ বিষ্ণু নগৰত জঘন্য কাণ্ড। এটি শিশুক বলাৎকাৰ কৰি বৃহস্পতিবাৰে ৰঙাঘৰত সোমাল ৫৫ বছৰীয়া লম্পট ব্যক্তি অনুজ দাস ওৰফে অনিমেষ দাস ।

    শিৱসাগৰ সদৰ থানাত ৰুজু কৰা ৯২৩/২০২১ৰ গোচৰৰ ভিত্তিত 375 (B) IPC R/W 6 & 12 of POCSO ACT ৰ অধীনত গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে জেললৈ প্ৰেৰণ কৰে লম্পতটোক।

    অভিযোগ অনুসৰি লম্পট অনুজ দাসে দোকানৰ ভিতৰত শিশু গৰাকীক ধৰ্ষণ কৰোঁতেই অভিভাৱক উপস্থিত হয়গৈ। লগে লগে আৰক্ষীক অৱগত কৰাত থানাত গোচৰ ৰুজু কৰি বুধবাৰে নিশাই গ্ৰেপ্তাৰ কৰে অনুজ দাসক।

    শিশু গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে বৃহস্পতিবাৰে ৰঙাঘৰলৈ প্ৰেৰণ কৰে লম্পতটোক। স্বাস্থ্য পৰীক্ষাতো কন্যা শিশুটিক ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ অহা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

    input: sanjay pareek

    আৰু পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগেৰে বাইক চলাই আহি থাকোতেই উফৰি পৰিল ২ যুৱক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং