29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শিৱসাগৰত মে’ দিৱসৰ দিনা শ্ৰমিকৰ অধিকাৰ খণ্ডণ! কাম কৰিবলৈ বাধ্য কৰালে ফ’ৰ লেন নিৰ্মাণ কোম্পানীয়ে

    আজি মে’ দিৱস।নিষ্পেষিত আৰু উপক্ষিত শ্ৰমিকৰ দিন।আজি শ্ৰমিক দিৱসৰ দিনা এই সকল লোকে লাভ কৰে কিছু মৰ্যদা আৰু গুৰুত্ব।

    কিন্তু একাংশ বনিয়াৰ অত্যাধিক লোভৰ বাবে আজিৰ দিনটোত ভূলুণ্ঠিত হ’ল শ্ৰমজীৱিৰ অধিকাৰ।জাঁজীৰ পৰা ডিমৌলৈ প্ৰায় ৪৪ কিলোমিটাৰ ফ’ৰলেন নিৰ্মাণ কৰি থকা কোম্পানীয়ে আজি মে’ দিৱসক চৰম অপমান কৰি বলপূৰ্বক ভাৱে দাবী-ধমকি দি শ্ৰমিকক পথ নিৰ্মাণ কামত লাগিবলৈ বাধ্য কৰালে।

    আজিৰ শ্ৰমিক দিৱসত কাম কৰিবলৈ মান্তি নোহোৱা শ্ৰমিক সকলক ধমকি দি কামলৈ পথালে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ ফাৰ্মখনে।জাঁজীৰ পৰা ডিমৌলৈ এই ৪৪ কিলোমিটাৰ পথ নিৰ্মাণৰ মূল ঠিকাদাৰী প্ৰতিষ্ঠান আছিল গেনন ডাংকাৰলে এণ্ড কোম্পানী লিমিটেড।কিন্তু এই প্ৰতিষ্ঠানে এই অংশ ফ’ৰলেন নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ ফাৰ্মখনক।

    এই ফাৰ্মৰ বিষয়া ৰণবীৰ আৰু অৰুণ কুমাৰে জোৰজুলুম কৰি আজিৰ দিনটোত শ্ৰমিক সকলক কাম কৰিবলৈ বাধ্য কৰে।উক্ত ফাৰ্মৰ পৰিচালন সঞ্চালক সঞ্জয় চৌধুৰীয়ে এনে কাম অজানিতে হোৱা বুলি দুখ প্ৰকাশ কৰাটোৱে স্পষ্ট কৰি দিয়ে যে এনে প্ৰতিষ্ঠান সমূহ শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যক লৈ সচেতন নহয়।

    আনহাতে ফ’ৰলেনত কৰ্মৰত শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ প্ৰতি দায়বদ্ধ কেন্দ্ৰীয় শ্ৰম বিভাগে কিয় এনে অনিয়ম তথা শ্ৰমিকৰ অধিকাৰ ভূলুণ্ঠিত কৰা বিষয়ত হস্তক্ষেপ নকৰে সেয়া এক ডাঙৰ ৰহস্য হৈ পৰিছে।

    সেইদৰে আজিৰ দিনত শিৱসাগৰৰ দৰিকাপাৰত থকা উদ্যোগিক পামত দেখা গল শ্ৰমিক দিৱসক অৱমাননা কৰা দৃশ্য।আজিৰ শ্ৰমিকৰ অধিকাৰৰ দিনটোত উদ্যোগিক পামৰ এন.ই.পেইণ্ট, ডিউ ড্ৰপছ খোৱা পানী উৎপাদন একক, ভাই-ককাই কাপোৰ ধোৱা চাবোন আদি উৎপাদন প্ৰতিষ্ঠানত শ্ৰমিক সকলক কৰ্মৰত অৱস্থাত দেখা গল।এই সমূহ প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰীয়ে আজিৰ দিনটোত ব্যৱহাৰ কৰিছে এই সকল শ্ৰমিকক।শিৱসাগৰৰ শ্ৰম বিভাগে মালিক পক্ষৰ এই সমূহ অনিয়মৰ খতিয়ান লবনে ?

    Photo and input: sanjay pareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং