29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভোট গণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন! কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ বাধ্যতামূলক

    সম্পন হৈ যোৱা অসম বিধান সভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ এটা দিন। নিৰ্বাচন আয়োগৰ পৃষ্ঠপোষকতাত শিৱসাগৰ জিলা প্ৰাশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে নিৰ্বাচনী জিলাখনৰ তিনি সমষ্টি ক্ৰমে শিৱসাগৰ, আমগুৰি আৰু থাওৰা সমষ্টিৰ ভোটগণনাৰ বাবে।

    ইতিমধ্যে প্ৰায় এমাহ দিন শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষ্টংৰুম স্থাপন কৰি ইভিএম সমূহ সুৰক্ষিত কৰি ৰখা হৈছে। ২ মে’ত এই বিদ্যালয়তে সম্পন্ন হ’ব তিনি সমষ্টিৰ ভোটগণনা।

    ইয়াৰ বাবে কৰিবলগীয়া সকলো প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। আনহাতে এইবাৰ নিৰ্বাচন আয়োগে ভোটগণনা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰা আৰু ভোটগণনাত অংশগ্ৰহণ কৰা সকলো লোকৰে ৪৮ ঘণ্টাৰ আগত কভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।

    যাৰবাবে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত কভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ভোট গণনাত অংশ লোৱা বিষয়া-কৰ্মচাৰী, সুৰক্ষা কৰ্মী, সাংবাদিক, প্ৰাৰ্থীৰ এজেণ্ট আদি সকলোৱে কভিড পৰীক্ষা সম্পন্ন কৰিছে।

    ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ প্ৰদৰ্শন নকৰিলে ভোটগণনা কেন্দ্ৰত প্ৰৱেশ নিষিদ্ধ কৰিছে নিৰ্বাচন আয়োগে। ক’ভিড ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে আয়োগে এই ব্যৱস্থা হাতত লৈছে।

    photo and input: sanjay pareek

    আৰু পঢ়ক : কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ সহায়ৰ হাত শচীনৰ, আগবঢ়ালে বৃহৎ পৰিমাণৰ ধন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং