28 C
Guwahati
Wednesday, December 1, 2021
More

    অহাবাৰৰ বিধানসভা নিৰ্বাচনত অখিল গগৈ টীয়কৰ পৰাও জিকিব নোৱাৰে : পীযুষ হাজৰিকা

    ‘অখিল গগৈয়ে অহাবাৰৰ নিৰ্বাচনত বিধানসভালৈ নিৰ্বাচিত হ’ব নোৱাৰে’, আজি থাওৰা বিধানসভা সমষ্টিত চলোৱা নিৰ্বাচনী প্ৰচাৰৰ অন্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰিকাই।

    মন্ত্ৰী গৰাকীয়ে কয়, ‘শুনিছো, অখিল গগৈয়ে অহাবাৰ শিৱসাগৰৰ পৰা নহয় টীয়কৰ পৰা নিৰ্বাচন খেলিব। পাঁচ মাহতে শিৱসাগৰৰ ৰাইজে অখিল গগৈক ভোট দি পস্তাই আছে, আৰু চালাক ব্যক্তি অখিল গগৈয়ে এই কথা উপলব্ধি কৰিয়েই অহাবাৰ শিৱসাগৰৰ সলনি টীয়কৰ পৰা নিৰ্বাচন খেলিম বুলি ভাবিছে’।

    আনহাতে টীয়কৰ জনসাধাৰণে অখিল গগৈক নিৰ্বাচনত জয়ী নকৰে বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে।

    আনহাতে বিজেপিৰ সভাত ৰাইজৰ দলে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ দলৰ সভাত মানুহ নহয় যেতিয়া তেওঁলোকে বিজেপিৰ সভাতে পচাৰ পত্ৰিকা বিতৰণ কৰিব লাগিব।

    আনহাতে বানপানী অথবা হাতী-মানুহৰ সংঘাতৰ সময়ত ৰাইজৰ কাষত নথকা ৰাইজৰ দলৰ বিধায়ক প্ৰাৰ্থী গৰাকীক তেওঁৰ স্থানীয় অঞ্চলতে কোনেও চিনি নাপায় বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

    আৰু পঢ়ক : ১৫ বছৰৰ পিছত পাকিস্তানৰ ভূমিত ক্ৰিকেট খেলিব ভাৰতে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং