23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কভিড ভেকচিনৰ দুয়োটা ডোজ গ্ৰহণ কৰাৰ পিছতো শিৱসাগৰ জিলাৰ উপায়ুক্ত কভিড পজিটিভ

    কভিড ভেকচিনৰ দুয়োটা ডোজ গ্ৰহণ কৰাৰ পিছতো শিৱসাগৰ জিলাৰ উপায়ুক্ত কভিড পজিটিভ

    শিৱসাগৰ জিলাত কভিড-১৯ ৰ স‍ংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । ‌ এইবাৰ কভিড ১৯ ত আক্ৰান্ত হৈছে শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা। তেওঁৰ মাতৃ আৰু এগৰাকী আত্মীয়ৰ দেহতো ধৰা পৰিছে কভিড।

    বৰ্তমান দুয়োগৰাকী শিৱসাগৰ ভৱনত হ’ম কোৱাৰাইণ্টাইনত থকা বুলি জনাইছে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে।

    লক্ষ্যণীয় যে শিৱসাগৰ জিলা উপায়ুক্ত গৰাকীয়ে ইতিমধ্যে কভিড ভেকচিনৰ দুয়োটা ড’জ লৈছিল। বিগত কেইবাদিন ধৰি হ’ম কোৱাৰাইন্টাইত আছিল তেওঁ।

    উল্লেখযোগ্য যে বুধবাৰৰ দিনটোত দুপৰীয়া লৈকে মুঠ ১৬ গৰাকী কভিড পজিটিভ চিনাক্ত কৰিছে। বৰ্তমান কৰ’ণাৰ দ্বিতীয় লহৰত শিৱসাগৰ জিলাত কভিড সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে ১৩৬ টা ।

    ইপিনে কভিড পজিটিভ ব্যক্তিৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰাত আজিৰে পৰা জিলাখনৰ সকলো চৰকাৰী বেচৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ ৰাখিছে ।

    Input and Photo- Sanjay Pareek

    আৰু পঢ়ক : বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত কৰ’ণা আতংক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং