24 C
Guwahati
Monday, January 17, 2022
More

    ঐতিহাসিক শিৱসাগৰত ভোগালী বিহুৰ দিনা উদুলি মুদুলি পৰিৱেশ

    ঐতিহাসিক শিৱসাগৰত ভোগালী বিহুৰ দিনা উদুলি মুদুলি পৰিৱেশ

    ঐতিহাসিক শিৱসাগৰত ভোগালী বিহুৰ দিনা উদুলি মুদুলি পৰিৱেশ। শিৱসাগৰ নগৰৰ সমীপৱৰ্তী বৃহত্তৰ কাথপাৰৰ বাণমুখ অঞ্চলৰ ৰাইজে চানৰাইজ ক্লাৱৰ উদ্যোগত ভোগালী উৎসৱৰ আয়োজন কৰে।

    মটক সম্প্ৰদায়ৰ ভোগালীত জিলিকি উঠিল জাতিৰ পুৰাতন ঐতিহ্য -পৰম্পৰা। অসমৰ চহা গ্ৰাম্য জীৱনৰ চানেকিৰে অসমীয়াৰ ঐতিহ্য, সংস্কৃতিৰ আৰু পৰম্পৰাৰ লগত উঠি অহা নৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে বাণমুখৰ চানৰাইজ ক্লাৱে।

    দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ত্রয়োদশ বাৰ্ষিক ভোগালী উৎসৱৰ প্ৰথম দিনা মেজি স্থাপন আৰু যুৱক যুৱতী সকলে সামূহিক চাফাই অভিযান চলাই।

    ভোগালী বিহুৰ পৰম্পৰা অনুসৰি উৰুকাৰ নিশা হাহ-মাহে ভেলা ঘৰত সম্প্ৰীতিৰে এখাজ খাই সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পুৱা মেজি ঘৰ জ্বলোৱা হয়।

    বছৰটোৰ বাবে সমাজৰ পৰা অপায় অমঙ্গল, অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনা কৰি গায়ন বায়নৰ খোল তলৰ মংগল ধ্বনিৰ মাজত ভকত সকলে ভগৱানৰ ওচৰত সেৱা লৈ মেজিঘৰত অগ্নি সংযোগ কৰে।

    পুৱা গাঁওৰ ভকত বৈষ্ণৱ সকলক শৰাই অৰ্পণৰ পৰম্পৰা ৰক্ষা কৰাৰ পিছতে মেজি প্ৰজ্বলন আৰু মাহপ্ৰসাদ বিতৰণ কৰা হয়।

    বৃক্ষৰোপণ কাৰ্যসূচী লগতে আঞ্চলিক ভিত্তিত দৌৰ, কাবাডী, চিত্ৰাংকণ, ৰচী টনা, মিউজিক চেয়াৰ, পাঞ্জা, লং জাম্প, হাই জাম্প, কুইজ আৰু ভেশচন আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

    মেজিৰ জুইয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশ কৰাৰ লগতে মানৱ জাতিৰ কল্যাণ কামনাৰ বাবে ভগৱানে যাতে আশীৰ্বাদ দিয়ে। এই আশাৰে মেজিৰ জুইৰ উত্তাপ লৈছে শিৱসাগৰৰ বাণমুখ বাসী ৰাইজে।

    Input and Photo- Sanjay Pareek

    আৰু পঢ়ক : দেশত পুনৰ কৰ’ণাৰ ত্ৰাস; বিগত ২৪ ঘন্টাত ২ লাখতকৈ অধিক লোক আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং