
এইখন অসমতে আজৱ কাণ্ড! ‘প্ৰসূতিৰ পেটৰ পৰা সন্তানক অস্ত্ৰোপচাৰ কৰি উলিয়াই পুনৰ ভৰাই থ’লে পেটত’
কৰিমগঞ্জত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।প্ৰসূতিৰ অস্ত্ৰোপচাৰৰ নামত চিকিৎসকৰ ভয়ংকৰ কাণ্ড। জানিব পৰা মতে এগৰাকী প্ৰসূতিৱে আঠ মাহত কৰিমগঞ্জ অসামৰিক হাস্পতালত পৰীক্ষাৰ বাবে আহিছিল।
কিন্তু প্ৰসূতি গৰাকীক অস্ত্ৰোপচাৰ কক্ষত নি আধা অস্ত্ৰোপচাৰ কৰি সন্তান জন্ম নিদিয়াকৈ পুনৰ পেটটো চিলাই থৈ দিয়ে।সন্তানটো আকাৰত সৰু হৈ থকাৰ বাবেই চিকিৎসকে সংঘটিত কৰিলে এই কাণ্ড।
আধৰুৱাকৈ অস্ত্ৰোপচাৰ কৰি পিছত প্ৰসূতি গৰাকীক ঘৰলৈ যাবলৈ দিয়ে। তাৰ পিছতেই প্ৰসূতি গৰাকীয়ে এটা অভিযোগ দিয়ে আৰু সেই অভিযোগৰ ভিত্তিতে উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত।
চিকিৎসকৰ বিৰুদ্ধে অস্ত্ৰোপ্ৰচাৰ আধৰুৱা কৰাৰ অভিযোগ কৰিছে। চিকিৎসকৰ বিৰুদ্ধে অভিযোগ তুলি চিকিৎসালয়খনতে প্ৰতিবাদ কৰিলে ৰাষ্ট্ৰীয় বজৰং দলে।
প্ৰসূতি বিভাগৰ সন্মূখতে প্ৰতিবাদত বহিল ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য সকল। জানিব পৰা মতে প্ৰসূতি গৰাকীৰ অৱস্থা সংকটজনক ।