24 C
Guwahati
Saturday, September 18, 2021
More

    চতুৰ্থ বাৰলৈ মহাকাশত ভাৰতীয় লোক, সফলতা পূৰ্বক উৎক্ষেপণ মহাকাশ বিমান

    চতুৰ্থ বাৰলৈ মহাকাশত ভাৰতীয় লোক, সফলতা পূৰ্বক উৎক্ষেপণ মহাকাশ বিমান

    ভাৰতীয় বংশোদ্ভৱ শিৰিষা বাণ্ডলাৰ সফলতা পূৰ্বক মহাকাশ যাত্ৰা। চতুৰ্থ গৰাকী ভাৰতীয় মূলৰ লোক হিচাপে এই গৌৰৱ অৰ্জন কৰে শিৰিষাই। ১১ জুলাই দেওবাৰৰ নিশা ৮ বজাত সফলতাৰে মহাকাশ বিমানখনে মহাকাশলৈ বুলি যাত্ৰা আৰম্ভ কৰে।

    বৰ্জিন গেলেক্টিকৰ য়ুনিটি – ২২ মহাকাশ বিমান খনেৰে এই যাত্ৰা কৰে। শিৰিষা চতুৰ্থ গৰাকী ভাৰতীয় মূলৰ লোক হোৱাৰ লগতে তৃতীয় গৰাকী ভাৰতীয় মহিলা মহাকাশচাৰী হিচাপে পৰিগণিত হয়।

    ইয়াৰ পূৰ্বে ভাৰতীয় হিচাপে ৰাকেশ শৰ্মা, কল্পনা চাওলা আৰু সুনিতা উইলিয়ামে মহাকাশ যাত্ৰা কৰিছিল। কল্পনা চাওলাই দুবাৰকৈ মহাকাশ যাত্ৰা কৰিছিল। ইয়াৰে দ্বিতীয়বাৰৰ যাত্ৰাৰ অন্তত উভতি আহোতে, পৃথিৱী পোৱাৰ মাত্ৰ ১৬ মিনিট আগতেই মহাকাশ বিমানখন ধ্বংসপ্ৰাপ্ত হৈ কল্পনা চাওলা মৃত্যু মুখত পৰিছিল।

    চতুৰ্থ ভাৰতীয় শিৰিষাৰ সৈতে এই মহাকাশ যাত্ৰাত আছে অন্য আৰু ৫ গৰাকী মহাকাশচাৰী। শিৰিষা বৰ্জিন গেলেক্টিক কোম্পানীৰ গভৰ্ণমেন্ট এফেয়াৰ্ছ এণ্ড ৰিচাৰ্ছ অপাৰেচনৰ উপাধ্যক্ষ। কেৱল মাত্ৰ ৬ টা বছৰৰ ভিতৰতে নিজৰ দক্ষতাৰ ভিত্তিত ইমান উচ্চ পদ লাভ কৰিছে শিৰিষাই।

    আৰু পঢ়ক : ভয়ংকৰ ভাৱে ৰুষ্ট প্ৰকৃতি, বজ্ৰপাতত ৫০ লোকৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং