
শ্ৰীলংকাৰ পিছত এইবাৰ নিউজিলেণ্ডৰ বিৰুদ্ধে চমৎকাৰী প্ৰদৰ্শন আগবঢ়াই সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজ।
নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ছিৰাজে এটা মেইডেন অ’ভাৰ কৰি এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই ক্ষেত্ৰত তেওঁতকৈ বহু পিছত আছে বিশ্বৰ কেইবাগৰাকীও বলাৰক।
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচত মহম্মদ ছিৰাজে ৪টা উইকেট দখল কৰিছিল। ইয়াৰ পিছত দ্বিতীয়খন এদিনীয়াত তেওঁ ৬ অ’ভাৰত মাত্ৰ ১০ ৰান খৰছ কৰি এটা উইকেট দখল কৰিছিল, য’ত আছিল মেইডেন অভাৰ।
ইয়াৰ লগে লগে তেওঁ ২০২২ চনৰ পিছত সৰ্বাধিক মেইডেন অভাৰ বলিং কৰা বলাৰত পৰিণত হ’ল।
২০২২ চনৰ পৰা মহম্মদ চিৰাজে ১৭টা অ’ভাৰ মেইডেন কৰিছে। অষ্ট্ৰেলিয়াৰ জোছ হেজলউডে ১৪টা মেডেন অ’ভাৰ কৰি দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্ট। তেওঁ দিছে ১০ টা মেইডেন অ’ভাৰ।