29 C
Guwahati
Wednesday, August 10, 2022
More

    একক ব্যৱহাৰ হোৱা প্লাষ্টিক নিষিদ্ধ, কি কি ব্যৱহাৰ কৰিব নোৱাৰিব ১ জুলাইৰ পৰা…

    একক ব্যৱহাৰ হোৱা প্লাষ্টিক নিষিদ্ধ, কি কি ব্যৱহাৰ কৰিব নোৱাৰিব ১ জুলাইৰ পৰা…

    ভাৰতবৰ্ষত ১ জুলাইৰ পৰা একক ব্যৱহাৰ হোৱা প্লাষ্টিক সম্পূৰ্ণ ৰূপে নিষিদ্ধ হব। এইবাৰ কোনো ধৰণৰ ৰেহাই লাভ নকৰে কোনেও। এই ক্ষেত্ৰত কঠোৰ হব চৰকাৰ তথা প্ৰশাসন।

    অহা শুকুৰবাৰৰ পৰাই দেশৰ ভিন্ন প্ৰান্তত এবাৰ ব্যৱহাৰৰ উপযোগী সকলো প্ৰকাৰৰ প্লাষ্টিকৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰিব। যাৰ ফলত ক্ষতিৰ সন্মুখিন হব বহুতো ডাঙৰ ডাঙৰ কোম্পানীয়ো।

    পাছে কেনে ধৰণৰ প্লাষ্টিত ব্যৱহাৰ কৰিব নোৱাৰিব। কাণ খোচৰা তুলা লগোৱা প্লাষ্টিকৰ ষ্টিক, কাপ, গিলাচ, চামুচ, প্লাষ্টিকৰ ষ্ট্ৰ, প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, পলিষ্টাইৰিন (থাৰ্মোকল) প্লেট আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰা হ’ব।

    সৰ্বমুঠ ১৯ প্ৰকাৰৰ সামগ্ৰীৰ ওপৰত নিষিদ্ধতা আৰোপ কৰিছে চৰকাৰৰ ফালৰ পৰা। সেই কেইবিধ হৈছে-
    ১. বেলুনৰ বাবে প্লাষ্টিকৰ লাঠি
    ২. প্লাষ্টিকৰ পতাকা
    ৩. কেণ্ডি ষ্টিক
    ৪. আইচক্ৰীম ষ্টিক
    ৫. থাৰ্মোকল
    ৬. প্লাষ্টিক প্লেট
    ৭. কাপ
    ৮. গ্লাছ
    ৯. কাটলেৰী
    ১০. কাটা চামুচ
    ১১. চামুচ
    ১২. ছুৰী
    ১৩. ষ্ট্ৰ’
    ১৪. ট্ৰে
    ১৫. মিঠাইৰ পেকেট মেৰিয়াই বা পেক কৰা প্লাষ্টিক
    ১৬. নিমন্ত্ৰণ পত্ৰ
    ১৭. চিগাৰেটৰ পেকেট
    ১৮. ১০০ মাইক্ৰনতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ
    ১৯. কাণ খোচৰা লাঠি

    ভৱিষ্যতে এই তালিকাত আৰু বহুতো সামগ্ৰীৰ নাম সন্নিবিষ্ট হব বুলিও সদৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। লগতে ইয়াকো সদৰি কৰিছে যে, এই প্লাষ্টিকৰ ব্যৱহাৰৰ সলনি কাপোৰ বা কাগজৰ বেগ, বাঁহৰ চামুচ, মাটিৰ কাপ আদি বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

    ভাৰত চৰকাৰে একক ব্যৱহাৰৰ প্লাষ্টিকৰ ফলত হোৱা প্ৰদূষণ হ্ৰাস কৰাৰ বাবেই এই দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতি বছৰে ২.৪ লাখ টন একক ব্যৱহাৰৰ কৰা প্লাষ্টিক পেলাই দিয়ে ভাৰতীয়ই, যাৰ ফলত ভয়ংকৰ প্ৰদুষণৰ সৃষ্টি হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং