33 C
Guwahati
Monday, September 26, 2022
More

    ৰাণু মণ্ডলৰ ওপৰত জীৱনভিত্তিক চিনেমা, চিনেমাৰ পোষ্টাৰ মুকলি

    ৰাণু মণ্ডলৰ ওপৰত জীৱনভিত্তিক চিনেমা, চিনেমাৰ পোষ্টাৰ মুকলি।

    ‘ইণ্টাৰনেট চেঞ্চেচন’, গায়িকা ৰাণু মণ্ডলৰ ওপৰত এইবাৰ নিৰ্মাণ হৈছে জীৱন ভিত্তিক চিনেমা। যি চিনেমাৰ ফাৰ্ষ্ট লুক তথা চিনেমাৰ পোষ্টাৰ মুকলি। ৰাণু মণ্ডলৰ এই জীৱনভিত্তিক ছবিত কাম কৰিব চিক্ৰিট গেম খ্যাত এশিকা দে নামৰ অভিনেত্ৰী গৰাকীয়ে।

    চিনেমা খনত ৰাণু মণ্ডলৰ জীৱন দেখুওৱা হব। কিদৰে ৰাণু মণ্ডলে ৰাণাঘাট ৰেল ষ্টেছনৰ পৰা গৈ বলীউডৰ এগৰাকী গায়িকা হৈ পৰিছিল সেই বিষয়ে দেখুওৱা হব। ৰাণাঘাটৰ পৰা বলীউডৰ যাত্ৰা থাকিব এই বায়’পিকত।

    পশ্চিম বংগৰ ৰেল ষ্টেচনত ‘এক পেয়াৰ কা নাগমা হে’ গান গাই নিশাটোৰ ভিতৰতে সামাজিক মাধ্যমত বিয়পি পৰিছিল ৰাণু মণ্ডল। প্ৰখ্যাত গায়ক হিমেশ ৰেশমিয়াৰ সহায়ত পৰৱৰ্তী সময়ত প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল।

    সেই ৰাণু মণ্ডলৰে জীৱনৰ ওপৰত অনুপ্ৰাণিত হৈ এখন জীৱনীমূলক ছবি নিৰ্মাণ কৰা হৈছে। মণ্ডলৰ জীৱনীমূলক ছবিৰ নামো খ্যাতি লাভ কৰা গানটোৰ বাক্যাংশৰ পৰা লোৱা হৈছে।

    এই জীৱনীমূলক ছবিখনৰ নাম এক পেয়াৰ কা নাগমা হে হিচাপে ইয়াৰ প্ৰথম লুক তথা পোষ্টাৰ মুকলি কৰিছে। ৰাণু মণ্ডলৰ চৰিত্ৰত দেখা যাব চিক্ৰেড গেম ফেম এশিকা দেক। হৃষীকেশ মণ্ডলৰ দ্বাৰা পৰিচালিত হৈছে এই ছবিখন ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং