
কৈলাশ খেৰক আক্ৰমণ ! মঞ্চত গীত পৰিৱেশনৰ সময়তে উদণ্ড দৰ্শকে দলিয়ালে বটল
কৰ্ণাটকৰ হাম্পি উৎসৱত এক অঘটন সংঘটিত হৈছে।হাম্পি উৎসৱত গীত পৰিৱেশন কৰি থকাৰ মাজতে কণ্ঠশিল্পী কৈলাশ খেৰলৈ পানীৰ বটল দলিয়ালে উদণ্ড দৰ্শকে।বটলৰে আক্ৰমণৰ সময়ত মঞ্চত আছিল কৈলাশ খেৰ। আৰু তেওঁ গীত পৰিৱেশন কৰি আছিল ।
তথ্য অনুসৰি বিখ্যাত গায়ক কৈলাশ খেৰে মঞ্চত গীত পৰিৱেশন কৰি আছিলে। অনুষ্ঠানটোৰ সময়ত দৰ্শকৰ মাজত উপস্থিত থকা দুজন লোকে কৈলাশ খেৰক কানাড়া গান গাবলৈ কৈছিল । কিন্তু কৈলাশ খেৰে কানাড়াত গান নোগোৱাত লোক দুজনৰ খং উঠি কৈলাশ খেৰলৈ পানীৰ বটল দলিয়াই দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কৈলাশ খেৰলৈ বটল নিক্ষেপ কৰা অভিযুক্তজনক আটক কৰিছে। দৰাচলতে কৰ্ণাটকত হাম্পী উৎসৱ প্ৰতি বছৰে বিজয় উৎসৱ হিচাপে আয়োজিত কৰা হয়।এইবাৰ উৎসৱটো ২৭ জানুৱাৰীত আৰম্ভ হৈছিল আৰু তিনিদিনীয়া কাৰ্যসূচীৰে ২৯ জানুৱাৰীৰ সন্ধিয়া সমাপ্ত হৈছিল।
দেওবাৰে সামৰণি অনুষ্ঠানৰ সময়ত কৈলাশ খেৰে তেওঁৰ সুমধুৰ কণ্ঠৰ যাদু বিয়পাইছিল ।সেই সময়তে তেওঁৰ ওপৰত বটল দলিয়াই দিয়াৰ ঘটনা টো সংঘটিত হৈছিল।