
বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন ন’টিয়াল এক দুৰ্ঘটনাত পতিত হৈছে। গায়কজনে বৃহস্পতিবাৰে নিজৰ ঘৰৰ চিৰিৰ পৰা পৰি যোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, জুবিন ন’টিয়ালে কঁকালত আঘাত পোৱাৰ লগতে মূৰ আৰু কপালতো গুৰুতৰভাৱে আঘাত পাইছে।
হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি তেওঁৰ সোঁহাতখনৰ অস্ত্ৰোপচাৰ কৰা হ’ব।
উল্লেখ্য যে, বৃহস্পতিবাৰে এটা নতুন গীতৰ উন্মোচনী অনুষ্ঠানত ন’টিয়াল আৰু শ্ৰীলংকাৰ জনপ্ৰিয় কণ্ঠশিল্পী য়োহানীক একেলগে দেখা গৈছিল। ইয়াৰ পিছতে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল।
কেইবাখনো জনপ্ৰিয় হিন্দী ছবিৰ গানত কণ্ঠদান কৰি দেশৰ লাখ-লাখ জনতাক মন্ত্ৰমুগ্ধ কৰা জুবিন ন’টিয়ালৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে শীঘ্ৰে সুস্থ হৈ পুনৰ সংগীতৰ মাজলৈ যাতে উভটি আহিব পাৰে তাৰ বাবে প্ৰাৰ্থনা কৰিছে তেওঁৰ অনুৰাগীসকলে।