বলীউডৰ এগৰাকী এনে গায়িকা তথা অভিনেত্ৰী যাৰ হঠাতে নিশাটোৰ ভিতৰতে সলনি হৈ পৰিছিল জীৱন

0
10172

বলীউডৰ এগৰাকী এনে গায়িকা তথা অভিনেত্ৰী যাৰ হঠাতে নিশাটোৰ ভিতৰতে সলনি হৈ পৰিছিল জীৱন

বলীউডে কাৰোবাক যদি সকলো দিয়ে কাৰোবাৰ পৰা সকোল কাঢ়ি লয়। কাৰোবাক সফলতাৰ শীখৰত আৰোহণ কৰাই। কোনোজনক আকৌ শিখৰৰ পৰা নমাই মাটিত পেলাই দিয়ে।

তেনেই এক ঘটনা ঘটিছিল বলীউডৰ এগৰাকী সফল অভিনেত্ৰী তথা গায়িকাৰ জীৱনত। যি সময়ত সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ ধৰিছিল, সেই সময়তেই হঠাতে নিশাটোৰ ভিতৰতে সলনি হৈ পৰিছিল সকলো।

অভিনয়-গান এৰি দিব লগা হৈছিল গোটেই জীৱনৰ বাবে। সেই অভিনেত্ৰী তথা গায়িকাগৰাকী হৈছে ৰাগেশ্বৰী লুম্বা (Raageshwari Loomba)। ৯০ দশকৰ অভিনয় আৰু সংগীতৰ জগতত খুবেই সক্ৰিয় আছিল ৰাগেশ্বৰী।

ছেইফ আলী খান, অক্ষয় কুমাৰ, সুনীল ছেট্টী আদিৰ দৰে অভিনেতাৰ অভিনেত্ৰী হৈছিল ৰাগেশ্বৰী । ৰাগেশ্বৰীৰ প্ৰথমখন গানৰ এলবাম ‘দুল্হনীয়া’ ৰিলিজৰ পাছতে খুবেই জনপ্ৰিয় হৈ পৰিছিল। নিজে অভিনয়ো কৰিছিল সেই এলবামত।

ৰাগেশ্বৰীৰ প্ৰথম ছবি আছিল ‘আঁখে’, যি বক্স অফিছত ছুপাৰহিট হৈছিল। ‘মে খিলাড়ী তু অনাড়ী’ত অক্ষয়ৰ ভগ্নী আৰু ছেইফৰ অভিনেত্ৰী হৈছিল ৰাগেশ্বৰী। সেই ছবিয়ো আছি বক্স অফিট হিট।

কিন্তু এটা নিশাই সলনি কৰি পেলাইছিল জীৱন। এদিন পুৱা শুই শুঠি মুখমণ্ডলত কিবা বেলেগ ধৰণৰ অনুভৱ কৰে ৰাগেশ্বৰীয়ে। কথা কব নোৱাৰা হৈ পৰাৰ লগতে মুখ ভালদৰে মেলিব নোৱাৰা হৈ পৰে।

পাছত চিকিৎসকৰ কাষ চপাত জানিব পাৰে চেহেৰা পেৰালাইছিল হোৱাৰ কথা। সেই ঘটনাই সলাই পেলালে ৰাগেশ্বৰীৰ জীৱন। বহু চিকিৎসা আৰু থেৰাপীৰ অন্তত ৰাগেশ্বৰী ঠিক হয় যদিও সদায়ৰ কাৰণে এৰি দিব লগা হয় গান আৰু অভিনয়।

বৰ্তমানে লণ্ডলত বাস কৰা ৰাগেশ্বৰীয়ে ২০১২ চনত বিবাহ পাষত আৱদ্ধ হয়, এতিয়া এটা সন্তানৰো জননী ৰাগেশ্বৰী।