28 C
Guwahati
Friday, October 15, 2021
More

    ২০১৬ৰ ৰাজ্যৰ এক হত্যাকাণ্ডৰ ন্যায় বিচাৰি ৪ বছৰীয়া কনমানি পুত্ৰৰ প্ৰধানমন্ত্ৰীলৈ বাৰ্তা- দেশজুৰি ভাইৰেল ভিডিঅ’

    ২০১৬ চনত কাছাৰ জিলাত সংঘটিত হৈছিল এক হত্যা কাণ্ড। সেই হত্যাকাণ্ডৰ আজিপৰ্যন্ত নাই কোনো সুবিচাৰ। যাৰ ফলত কনমানি ৪ বছৰীয়া পুত্ৰই পিতৃৰ হত্যাকাণ্ডৰ ন্যাৰ বিচাৰি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এক ভিডিঅ বাৰ্তা।

    যি ভিডিঅ বাৰ্তা বৰ্তমানে সমগ্ৰ দেশজুৰি ভাইৰেল হৈ পৰিছে। যি ভিডিঅত ৰিজৱান নামৰ কনমানি ৪ বছৰীয়া পুত্ৰই হাতত ‘I Want Justice’ লিখা প্লেকাৰ্ড লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ লগতে ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কাতৰ আহ্বান জনাইছে ন্যায়ৰ বাবে।

    আজিৰ পৰা প্ৰায় ৪ বছৰ মান পূৰ্বে ২০১৬ চনৰ ডিচেম্বৰ মাহৰ ২৬ তাৰিখে সংঘটিত হৈছিল এক হত্যাকাণ্ড। চৈদুল আলম লস্কৰ নামৰ এজন লোকক কেইবাজনো লোকে মিলি হত্যা কৰিছিল। শিলচৰ চহৰৰ সোণাই ৰোড এলাকাত সেই হক্যাকাণ্ডটো সংঘটিত হৈছিল।

    সেই সময়ত চৈদুলৰ পুত্ৰ ৰিজৱানৰ বয়স আছিল কেৱল মাত্ৰ ৩ মাহ। বৰ্তমামে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ৰিজৱান। ১৩ ছেপ্টেম্বৰ তাৰিখে ন্যায় বিচাৰি টুইটাৰত এক ভিডিঅ পোষ্ট কৰিছে ৰিজৱানে ।

    সেই হত্যাকাণ্ডত ১১ অভিযুক্তৰ ওপৰত হত্যাৰ অভিযোগ আছে। তাৰেই ৯ জন আৰোপী গ্ৰেপ্তাৰ কৰা হৈছিল অন্য দুই আৰোপী বৰ্তমানেও মুক্ত বিচৰণ কৰি আছে। সেই হত্যাকাণ্ডৰেই শিলচৰ আৰক্ষী থানাত ৩০২, ৩২৬ আৰু ১৪৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

    আৰু পঢ়ক : দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান সাজু পৰ্যটকক আদৰিবলৈ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং