শিলাদিত্য দেৱৰ বিতৰ্কিত মন্তব্য এইবাৰ পালেগৈ বিখ্যাত TIME মেগাজিন

0
2620
হিন্দু সুৰক্ষাৰ বাবে মই বিজেপি ত্যাগ নকৰো, হোজাইত আজমলৰ দপদপনি কেতিয়াও সহ্য নহয়: শিলাদিত্য
ফাইল ফটো

অসমৰ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ বিভিন্ন বিতৰ্কিত মন্তব্য এইবাৰ পালেগৈ বিখ্যাত TIME মেগাজিন। ফেচবুকত শিলাদিত্যৰ সাম্প্ৰদায়িক কুকীৰ্তিক কেন্দ্ৰ কৰি দেশজুৰি চৰ্চা চলিছে। বিশ্ববিখ্যাত TIME মেগাজিনত শিলাদিত্যৰ কুকাৰ্যক লৈ প্ৰকাশ কৰা হৈছে এখন প্ৰতিবেদন।

উল্লেখ্য যে, বিভিন্ন সময়ত হোজাইৰ বিধায়কগৰাকীয়ে না না প্ৰসংগত বিতৰ্কিত মন্তব্য কৰিছে। কিন্তু বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰায় ২ শতাধিক গোচৰ ৰুজু হৈছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। এগৰাকী শাসকীয় বিধায়ক হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি বুলি চৰ্চা চলিছে।

উল্লেখ্য যে, ফেচবুকত হোজাইৰ বিধায়কগৰাকীয়ে ‘বাংলাদেশী মুছলিম’ৰ বিৰুদ্ধে মন্তব্য কৰিছিল। শিলাদিত্যৰ পোষ্টৰ বিৰুদ্ধে ফেচবুকক অভিযোগ দিছিল আৱাজ নামৰ সংস্থাটোৱে। জানিব পৰা অনুসৰি, ২১ আগষ্টত TIME মেগাজিনে ফেচবুকক জনাইছিল পোষ্টটোৰ বিষয়ে। তাৰ পিছতে TIME মেগাজিনৰ ২৭ আগষ্টত বিশেষ নিবন্ধ প্ৰকাশ পাইছিল।