‘কা’ নহয় NRC মোৰ মূল উদ্দেশ্য,ম‌ই বাংলাদেশী মুছলমানৰ বিৰোধী: শিলাদিত্য

শৃংখল চলিহাই বিধায়কজনক হুংকাৰ দিয়া সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও শিলাদিত্য‌ই কয় ম‌ই বাংলাদেশী মুছলমানৰ হকে দালালি কৰা সকলৰ বিষয়ে একো কব নিবিচাৰোঁ

0
47

বিগত ডেৰ মাহৰ পিছত সাংবাদিকৰ আগত মুখ খুলিলে বিতৰ্কিত বিজেপিৰ হোজাই বিধায়ক শিলাদিত্য দেৱে । ‘কা’ নহয় NRCয়ে মোৰ মূল উদ্দেশ্য। ম‌ই বাংলাদেশী মুছলমানৰহে বিৰোধী। মোৰ উদ্দেশ্য হ’ল অসমক শক্তিশালী কৰা,অসমীয়া জাতিক শক্তিশালী কৰা, বাংলাদেশী মুছলমান মুক্ত কৰা। তাৰ কাৰণে বিগত বহু বছৰ ধৰি মাত মাতি আহিছো। NRC মোৰ প্ৰায়’ৰিটী । NRCৰ দ্বাৰা অসমত ৮০ লক্ষাধিক বাংলাদেশী মুছলমান অন্তৰ্ভুক্ত হৈ আছে । সেইটোৱেই মোৰ চিন্তা বেচি । আগন্তুক দিনত যাতে এখন শুদ্ধ NRC পাব পাৰো।

মোৰ ধাৰণা যে, আগন্তুক দিনত কেন্দ্ৰ চৰকাৰে যি পদক্ষেপ লৈছে গোটেই ভাৰতবৰ্ষত NRC হ’ব আৰু তাৰ আগতে NPR হ’ব বুলি ঘোষণা কৰিছে । অসমৰ NRCও যাতে NPR হিচাপে ঘোষণা কৰে । ১৯৫১ ভিত্তি বৰ্ষ হিচাপে লৈ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো NRC পাতিব লাগে । তেতিয়াহে ভুৱা কাগজ দি অন্তৰ্ভুক্ত হোৱা বাংলাদেশী মুছলমানখিনিক আমি উলিয়াই দিব পাৰিম বুলি ম‌ই ভাবো। অসমজুৰি হোৱা ‘কা’ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদৰ ক্ষেত্ৰতো মন্তব্য প্ৰকাশ কৰে হোজাই বিধায়ক শিলাদিত্য দেৱে।

মোৰ কেতিয়াও উদ্দেশ্য নাছিল অসমৰ উত্তাল পৰিবেশত মাত মাতি উত্তৰাৰ পৰিবেশ আনি দিয়াৰ ।মানুহে কথাখিনি বুজিবলৈ টান পায় । মানুহ যেতিয়া আন্দোলনমুখী হয় তেতিয়া যুক্তিৰ কোনো কথা নাথাকে। গতিকে ম‌ই ডেৰ মাহ কোনো মাত মতা নাছিলো । এতিয়া দেখিছোঁ মাত নামাতিলেও নহ’ব অসমৰ সুৰক্ষাৰ কথা, উন্নয়নৰ কথা,জাতিৰ কথা ,অসমৰ জাতিৰ কাৰণে মাত মাতি যাম।

বিগত কেইদিন মান পূৰ্বে হোজাই সমষ্টিৰ শংকৰদেৱ নগৰত শৃংখল চলিহাই বিধায়কজনৰ ওপৰত ‘কা’ বিৰোধী প্ৰতিবাদী সভাত হুংকাৰ দিয়া সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও শিলাদিত্য‌ই কয় যে ,ম‌ই বাংলাদেশী মুছলমানৰ হকে দালালি কৰা সকলৰ বিষয়ে একো কব নিবিচাৰোঁ । মোৰ যুঁজ হৈছে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে । NLFB আৰু নাগালেণ্ড চুক্তি সন্দৰ্ভতো শিলাদিত্য‌ই কেন্দ্ৰীয় চৰকাৰৰ ভাল পদক্ষেপ বুলি উল্লেখ কৰে । লংকাত বিজেপিৰ নৱনিৰ্মিত কাৰ্য্যালয় মুকলি কৰিবলৈ আহি এনেদৰে মন্তব্য প্ৰকাশ কৰে বিধায়কজনে।

Photo Credit:@biswajit-chakraborty