28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শ্বহীদক অপমান কৰা লেখিকা শিখা শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

    শ্বহীদক অপমান কৰা লেখিকা শিখা শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

    সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ হোৱা লেখিকা শিখা শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

    আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদে জানিবলৈ দিয়া অনুসৰি শিখা শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও অভিযোগৰ অধীনত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে, যাৰ ভিতৰত আছে দেশদ্ৰোহী–  আইপিচি ১২৪এৰ দৰে গোচৰ।

    উল্লেখ্যে যে ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণত ২২ গৰাকী জোৱান শ্বহীদ হোৱাৰ পিছত শিখা শৰ্মাই ফেচবুকত বিতৰ্কিত মন্তব্য কৰিছিল।

    তেওঁৰ মন্তব্যটো আছিল এনেধৰণৰ, ‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়। তেনেকৈ হ’লে বিদ্যুৎপুষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ। ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম’।

    এই মন্তব্য দৃষ্টিগোচৰ হোৱাৰ পিছতেই লেখিকাগৰাকীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উমি ডেকা বৰুৱা আৰু অন্য এগৰাকীয়ে দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছিল।

    এই এজাহাৰৰ ভিত্তিত দিচপুৰ থানাই মঙলবাৰে বিয়লি শিখা শৰ্মাক সোধা-পোচা কৰি গ্ৰেপ্তাৰ কৰে আৰু তাৰ পিছত সন্ধিয়া পাণবজাৰ মহিলা আৰক্ষী থানালৈ লৈ যোৱা হয়।

    আজি পাণবজাৰ মহিলা আৰক্ষীয়ে শিখা শৰ্মাক আদালতত হাজিৰ কৰোৱায়।

    উল্লেখ্য যে শিখা শৰ্মাৰ এই বিতৰ্কিত মন্তব্যৰ পিছত বিভিন্ন লোকে তেওঁক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে।

    আৰু পঢ়ক : কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং