28 C
Guwahati
Sunday, October 2, 2022
More

    আছে নেকি শৰীৰত এইকেইটা লক্ষণ, সাৱধান হওক হব পাৰে গুৰুতৰ বেমাৰ…

    আছে নেকি শৰীৰত এইকেইটা লক্ষণ, সাৱধান হওক হব পাৰে গুৰুতৰ বেমাৰ…

    মানুহৰ শৰীৰত বহু সময়ত বহু বেমাৰে দেখা দিয়ে। কিন্তু বহু ক্ষেত্ৰত এনে ধৰণৰ বেমাৰ আওকান কৰি দিয়ে বহু লোকে। পাছে আওকান নকৰিব, একোটা সাধাৰণ বেমাৰো হৈ পৰিব পাৰে গুৰুতৰ তথা ভয়ংকৰ।

    এটা সাধাৰণ বেমাৰেই বিপদ আনিব পাৰে আপোনাৰ। সাধাৰণ বুলি ভবা বেমাৰ একোটাই কেতিয়াবা পাছলৈ ডাঙৰ বেমাৰ হিচাপেও দেখা দিব পাৰে। সেয়ে সাৱধান হওক।

    এনে কেইটামান বেমাৰ যি সাধাৰণ হলেও আপোনাৰ বাবে বহু বিপদ আনিব পাৰে। ভগ্ন স্বাস্থ্যৰ প্ৰমাণ হিচাপে থকা কেইটামান সাধাৰণ যেন দেখা ৰোগ হৈছে-

    নিবিচৰাকৈ ওজন হ্ৰাস পোৱা- নিবিচৰাকৈ ওজন হ্ৰাস হোৱাটো শৰীৰৰ বাবে বেয়া লক্ষণ । এনে হলে লগে লগে চিকিৎসৰ কাষ চাপক। ই পেটৰ কোনো গভীৰ সমস্যা হব পাৰে।

    দাঁত ভঙা – দাঁত ভঙাটো এটা দূৰ্বল শৰীৰৰ লক্ষণ । এনে হলে জানিব যে, শৰীৰত এচিডৰ সমস্যা হৈছে। সেয়ে দাঁত সমূহ ভাঙে।

    ছালৰ সমস্যা- ছালৰ সমস্যা যেনে, খজুৱতী বা কোনো এলাৰ্জী আদিয়ো গভীৰ সমস্যাৰ কাৰণ হব পাৰে। ই পেটৰ সমস্যা নাইবা তেজৰ সমস্য়াও হব পাৰে ভিতৰি।

    নখ ৰঙচুৱা হোৱা – নখৰ ৰং চাইয়ে বহু বেমাৰ ধৰা পেলাব পাৰে চিকিৎসকে। নখৰ যদি সাধাৰণ ৰঙৰ সলনি ৰঙা পৰা বা হালধীয়া পৰা বা তাতোধিক বগা পৰা সমস্যা হয় তেন্তে ই নিসন্দেহে এক ৰোগ।

    গেছৰ সমস্যা- যদি সকলো সময়তে গেছৰ সমস্যাই দেখা দিয়ে তেন্তে আপোনাৰ হজম শক্তি একেবাৰে বেয়া। পাদ মৰা আৰু উগাৰ মৰা খাদ্য হজম হোৱাৰ প্ৰমাণ যদিও প্ৰয়োজনকৈ অধিক এনে সমস্যা থাকিলে ই এক পেটৰ সমস্যা । সোনকালেই চিকিৎসকৰ কাষ চাপক।

    আৰু পঢ়ক : অৰ্থনৈতিকভাৱে জুৰুলা শ্ৰীলংকালৈ ভাৰতৰ ২৭০০০০ মেট্ৰিকটন পেট্ৰ’ল, ডিজেল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং