জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড গ’ল্ডি ব্ৰাৰক আটক!

0
78

পঞ্জাৱৰ জনপ্ৰিয় সংগীত শিল্পী সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড গ’ল্ডি ব্ৰাৰ ধৰা পৰিছে আমেৰিকাত। ভাৰতৰ চোৰাংচোৱা সংস্থাৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ পাইছে।

উল্লেখ্য যে মুছেৱালাৰ হত্যাৰ মূল অভিযুক্ত তথা মাষ্টাৰমাইণ্ড হৈছে গ’ল্ডি।

ভাৰতীয় সুৰক্ষা সংস্থাই লাভ কৰা খবৰ অনুসৰি ২০ নৱেম্বৰ বা ইয়াৰ ওচৰা ওচৰি কোনোবা এটা তাৰিখত কেলিফৰ্ণিয়াত গ’ল্ডিক প্ৰথমে আটক কৰা হৈছিল। অৱশ্যে কেলিফৰ্ণিয়াৰ তৰফৰ পৰা ভাৰত চৰকাৰক এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য প্ৰদান কৰা নাই।  

চোৰাংচোৱা সংস্থা সমূহে এটা কথাত নিশ্চিত আছিল যে গ’ল্ডিয়ে কানাডাৰ পৰা পলাই গৈ কেলিফৰ্ণিয়াত নতুনকৈ বাহৰ পাতিছে। পেচা হিচাপত কানাডাত ট্ৰাক ড্ৰাইভাৰ গ’ল্ডিয়ে প্ৰাণৰ মমতাতে দেশ এৰি আমেৰিকালৈ পলায়ন কৰিছিল।

কিয়নো কানাডাত সিদ্ধু মুছেৱালাৰ যথেষ্ট অনুৰাগী আছে আৰু সেয়ে তেওঁ প্ৰাণৰ মমতাত দেশ এৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে জনপ্ৰিয় পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ দলৰ এগৰাকী অন্যতম নেতা সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ দায়িত্ব লৈছিল লৰেন্স বিষ্ণোই গেঙৰ সদস্য গ’ল্ডি ব্ৰাৰে।