26 C
Guwahati
Thursday, September 16, 2021
More

    সিদ্ধাৰ্থৰ মহানুভৱতা, কো-এক্ট্ৰেছ প্ৰত্যুশাৰ পিতৃয়ে সদৰি কৰিলে এক বিশেষ খোলোচা…..

    কেৱল মাত্ৰ ৪০ বছৰ সময়তে অকাল মৃত্যুক সাৱটি লোৱা সিদ্ধাৰ্থৰ কথা, ভিডিঅ আদি দেখি আজোয়ো মানুহে বৰকৈ মনত পেলাই আছে অভিনেতাগৰাকীক। মাতৃ আৰু প্ৰেমিকা শ্বেহনাজ আদিয়ে আজিয়ো ৰখাব পৰা নাই চকুৰ পানী।

    নিতৌ সামাজিক মাধ্যমত মানুহে চাই আছে সিদ্ধাৰ্থৰ সকলো ভিডিঅ। এপলক হলেও মনত পেলাই আছে অভিনেতাগৰাকীক। পিছে তাৰ মাজতে বালিকা বধুত একেলগে কাম কৰা প্ৰয়াত সহকৰ্মী প্ৰত্যুশাৰ পিতৃৰ এক খোলোচা।

    বহল মনৰ অধিকাৰী আছিল সিদ্ধাৰ্থ শুক্লা। কো-এক্ট্ৰেছ প্ৰত্যুশাৰ মৃত্যুৰ পিছত প্ৰায়ে খা-খবৰ লৈছিল প্ৰত্যুশাৰ পিতৃ-মাতৃৰ। কেৱল খবৰ লোৱাই নহয়, এই লকডাউনৰ সময়ত আৰ্থীক ভাৱেও সহায় কৰিছিল।

    সদায়ে প্ৰত্যুশাৰ পিতৃ-মাতৃৰ কথা চিন্তা কৰা আছিল সিদ্ধাৰ্থ। টকাৰ অভাৱ যেন দেখিলেই টকা প্ৰেৰণ কৰাৰ কথা কৈছিল। কিন্তু বহুত মানা কৰাৰ পিছতো লকডাউনত কিছু টকা প্ৰেৰণ কৰিছিল বুলি প্ৰত্যুশাৰ পিতৃয়ে সদৰি কৰে।

    আৰু পঢ়ক : শিক্ষক দিৱস বিশেষ- ৰাহুল গান্ধীয়ে টুইট কৰে এখন বিশেষ ফটো, নাও চলাই হ’লেও বিদ্যালয়লৈ যাত্ৰা এগৰাকী ছাত্ৰীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং