26 C
Guwahati
Thursday, September 16, 2021
More

    অতি কম বয়সতে মৃত্যু হোৱা সুশান্ত সিং ৰাজপুত আৰু সিদ্ধাৰ্থ শুক্লাৰ মাজৰ কেইটামান সাদৃশ্য

    অতি কম বয়সতে মৃত্যু হোৱা সুশান্ত সিং ৰাজপুত আৰু সিদ্ধাৰ্থ শুক্লাৰ মাজৰ কেইটামান সাদৃশ্য

    অতি কম কম বয়সতে অকাল মৃত্য হোৱা দুগৰাকীকৈ অভিনেতা। এগৰাকীয়ে আত্মহত্যা কৰাৰ বিপৰীতে আনগৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয়। অনুৰাগীৰ মাজত আজিয়ো অতিকে জনপ্ৰিয় দুয়োগৰাকী অভিনেতা।

    সুশান্ত সিং ৰাজপুতে মাত্ৰ ৩৪ বছৰ বয়সতে মৃত্যু হোৱাৰ বিপৰীতে সিদ্ধাৰ্থ শুক্লাই ৪০ বছৰ বয়সক অকাল মৃত্যুক সাৱতে। দুয়োগৰাকী অভিনেতাৰ মাজত কোনোধৰণৰ গাঢ় সম্বন্ধ নাথাকিলেও দুয়োৰে মাজত আছে কেইটামান সাদৃশ্য।

    টিভিৰ জৰিয়তে অভিনয় কেৰিয়াৰৰ আৰম্ভণি- দুয়োগৰাকী অভিনেতাই হিন্দী ধাৰাবাহিকত অভিনেৰে অভিনয় জীৱনৰ পাতনি মেলি সেই ধাৰাবাহিকৰ পৰাই জনপ্ৰিয়। তাৰ পিছতে হিন্দী ছবিজগতত খোজ।

    কেইবাৰো প্ৰেমত পৰে, কিন্তু বিবাহ কৰাবলৈ নোৱাৰিলে- দুয়োগৰাকী অভিনেতাই প্ৰেমত পৰে কেইবাবাৰো। নিজৰ নিজৰ কো-ষ্টাৰৰ সৈতেও প্ৰেম হয়। গভীৰ প্ৰেমো হয়, লগতে বিয়াৰ বাবে খা-খবৰো ওলাই। পিছে বিয়া কৰোৱাৰ পূৰ্বেই ইহ সংসাৰৰ পৰা বিদায় মাগে।

    মাতৃৰ সৈতে এক বিশেষ সম্বন্ধ- সকলোৱেই নিজৰ নিজৰ মাতৃক বহুত ভাল পাই, কিন্তু এই দুগৰাকী অভিনেতাৰ ক্ষেত্ৰত মাতৃপ্ৰেম কিছু বেলেগ আছিল। যদিও সুশান্তৰ মাত্ৰ ১৬ বছৰ বয়সতে মাতৃক হেৰুৱাইছিল, তথাপি পুৰণি ফটোতেই বিচাৰি পাইছিল মাতৃ প্ৰেম। আনহাতে সিদ্ধাৰ্থই অভিনয় জগতত মাত-ৰ কথা মতেই ভৰি দিছিল।

    পৰিয়ালৰ লোকৰ আছিল অতিকে প্ৰিয়- সফলতা প্ৰাপ্তিৰ পিছত মানুহে কেৱল নিজক তিনি পায়, কিন্তু এই দুগৰাকী অভিনেতাই নিজৰ লগতে পৰিয়ালৰ অন্য সকলকো সমান দৃষ্টিৰে চাইছিল। মাতৃৰ লগতে সুশান্ত-সিদ্ধাৰ্থ ভনীয়েকৰ আছিল আতিকে মৰমৰ। বন্ধু বৰ্গৰ মাজতো আছিল প্ৰিয়।

    আৰু পঢ়ক : প্ৰথমে ফেচবুকত বন্ধুত্ব, পিছত গঠন কৰিলে ডকাইতৰ দল, অৱশেষত ৰঙাঘৰত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং