এছ আই কেলেংকাৰিৰ অন্যতম অভিযুক্ত পি কে দত্তৰ জামিন মঞ্জুৰ

0
139

অসমক জোঁকাৰি যোৱা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা কেলেংকাৰিৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জামিন প্ৰদান কৰিছে প্ৰাক্তন উপ-আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তক।

যোৱা বছৰ নাকচ কৰা দত্তৰ জামিন আবেদনক চৰকাৰৰ হৈ প্ৰত্যাহ্বান জনাইছিল অধিবক্তা ধনেশ দাসে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা মাহত এই গোচৰ সন্দৰ্ভত শুনানি সম্পূৰ্ণ কৰিছিল। শুনানি সম্পূৰ্ণ হোৱাৰ লগে লগে মঙলবাৰে আদালতে এই ৰায় প্ৰদান কৰে।

দত্তক ২০২০ বৰ্ষৰ ৬ অক্টোবৰত জোঁৱায়েকৰ সৈতে আত্মসমৰ্পণৰ বাবে অসমলৈ আহি থকাৰ সময়তে ভাৰত-নেপাল সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

ইফালে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ প্ৰধান অভিযুক্ত বুলি কোৱা হৈছিল দত্তক।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰ্যায়ৰ ৫৯৭টা পদৰ নিযুক্তি পৰীক্ষা ২০২০ বৰ্ষৰ ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা আছিল। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে এই পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল।