”মোৰ অন্তৰ্বাসৰ চাইজ ভগৱাানে লৈ আছে” হিন্দু ধৰ্মত আঘাত সনা মন্তব্য কৰি বিপদত শ্বেতা তীৱাৰী…
বিতৰ্কিত মন্তব্য কৰি বিপদত জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তীৱাৰী। এক অনুষ্ঠানত শ্বেতা তীৱাৰীয়ে কৰা মন্তব্যৰ ফলত হিন্দু ধৰ্মৰ লোকসকলৰ ভাৱনাত আঘাত সনাৰ অভিযোগ উত্থাপন হৈছে।
বুধবাৰে শ্বেতা তীৱাৰীয়ে তেওঁৰ আহিবলগীয়া ৱেবচিৰিজৰ প্ৰচাৰক লৈ ভোপালত উপস্থিত হয় আৰু সম্পূৰ্ণ টীমৰ লগত সংবাদমেল অনুষ্ঠিত কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতাৰৰ মাজতে শ্বেতাই এনে এক মন্তব্য কৰে যাৰ পিছত ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হয়।শ্বেতাই কয় যে ”মোৰ অন্তৰ্বাসৰ চাইজ ভগবানে লৈ আছে”।
শ্বেতাৰ এই মন্তব্যৰ পিছতেই একাংশই তেওঁক ট্ৰ’ল কৰে আৰু ভগৱানক অন্তৰ্বাসৰ লগত সাঙুৰাৰ বাবে মন্তব্যৰ বিৰোধিতা কৰে। একাশংই অভিনেত্ৰী গৰাকীৰ গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে।ইতিমধ্যে শ্বেতাৰ বিৰুদ্ধে হিন্দু সংগঠনে এজাহাৰ দাখিলো কৰিছে।লগতে সংগঠনটোৱে ভাবুকি দিয়ে যে শ্বেতৰ ৱেবচিৰিজৰ শ্বুটিং ভোপাল হ’ব নিদিয়ে।
আৰু পঢ়ক : ২৪৬ গৰাকী দুৰ্ধৰ্ষ কেডাৰৰ অস্ত্ৰ সম্বৰণ, প্ৰতিগৰাকীকে ডেৰ লাখ টকাৰ এক কালীন সাহায্য