শ্বেতা আগৰৱাল হত্যাকাণ্ড : মূল অভিযুক্ত গোবিন্দৰ মাতৃ-ভগ্নীক দোষমুক্ত আদালতৰ

0
188
শ্বেতা আগৰৱাল হত্যাকাণ্ড : মূল অভিযুক্ত গোবিন্দৰ মাতৃ-ভগ্নীক দোষমুক্ত আদালতৰ

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালৰ মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী দেৱীক গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিছে।

উল্লেখ্য যে ২০১৭ চনত শ্বেতা আগৰৱাল ক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগত নিজৰে সতীৰ্থ ছাত্ৰ সিংঘালক ২০১৯ চনত নিম্ন আদালতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল।

এই ঘটনাত জড়িত থকাৰ অভিযোগতে কামৰূপ ফাষ্ট ট্ৰেক আদালতেও সিংঘালৰ মাতৃ-ভগ্নীক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল।

শুকুৰবাৰে উচ্চ ন্যায়ালয়ে আৰক্ষীৰ তদন্তত ত্ৰুটিৰ কথা উল্লেখ কৰি মুখ্য অভিযুক্তৰ মাতৃ-ভগ্নীক নিৰ্দোষী সাব্যস্ত কৰে।

ইফালে সিংঘালৰ মৃত্যুদণ্ডৰ ৰায় দিয়া প্ৰসংগটো পুনৰ নিম্ন আদালতত শুনানিৰ নিৰ্দেশ প্ৰদান কৰে উচ্চ ন্যায়লয়ে। এই শুনানি ছয় মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে।

কে চি দাস কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ফাঁচিৰ নিৰ্দেশ দিছিল।

জিলা সত্ৰ ন্যায়াধীশৰ আদালতে সিংঘালৰ মাতৃ আৰু ভগ্নীকো যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

উল্লেখ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত গুৱাহাটীৰ ভৰলুমুখস্থিত সিংঘালৰ ঘৰৰ বাথৰুমত উদ্ধাৰ হৈছিল শ্বেতা আগৰৱালৰ মৃতদেহ।

সিংঘাল আৰু আগৰৱালে একেখন শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিছিল।

আৰু পঢ়ক : দাম হ্ৰাস ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন বুষ্টাৰ ড’জৰ