২ মাহ ৪ দিনৰ অন্তত মুকুলি আকাশৰ তললৈ শ্বেৰমান আলী, আহিয়ে দিলে বিস্ফোৰক মন্তব্য

0
16217
২ মাহ ৪ দিনৰ অন্তত মুকুলি আকাশৰ তললৈ শ্বেৰমান আলী, আহিয়ে দিলে

২ মাহ ৪ দিনৰ অন্তত মুকুলি আকাশৰ তললৈ শ্বেৰমান আলী, আহিয়ে দিলে বিস্ফোৰক মন্তব্য

২ মাহ ৪ দিনৰ অন্তত মুকুলি আকাশৰ তললৈ শ্বেৰমান আলী, আহিয়ে দিলে বিস্ফোৰক মন্তব্য। ৬০ দিন জেলতে কটাই অৱশেষত জামিন লাভ কৰিলে বিধায়ক গৰাকীয়ে।

জে’লৰ পৰা ওলায়ে পুনৰ বিস্ফোৰণ ঘটালে শ্বেৰমান আলীয়ে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিলে অভিযোগ। শ্বেৰমান আলীয়ে কয় যে অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ নোহোৱা কৰিছে এইখন চৰকাৰে।

নিজৰ পূৰ্বৰ নিজৰ স্থিতিতে অটল বুলি জানিবলৈ দিয়ে বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। জে’লত থকাৰ সময়ত কংগ্ৰেছ দলৰ পৰাও কোনোধৰণৰ সহায় নোপোৱা বুলিও মত প্ৰকাশ কৰে আলীয়ে।

৬০ দিন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কটাই অৱশেষত কেউটা গোচৰতে জামিন লাভ কৰে। কিন্তু জামিন লাভ কৰিও মুকলি আকাশৰ তললৈ কালিতেই আহিব নোৱাৰিলে শ্বেৰমান আলী। জামিনৰ পত্ৰ অহাত পলম হোৱা বাবে আজি ৭ ডিচেম্বৰ তাৰিখেহে কাৰাগাৰৰ পৰা মুকলি হয় বিধায়ক শ্বেৰমান আলী।

অক্টোবৰৰ ২ তাৰিখে দিছপুৰৰ বিধায়ক আবাসৰ পৰা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী। কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ।

পানবজাৰ থানাৰ গোচৰ নং 510/20, শুকুৰবাৰে জামিন লাভ কৰিছিল পানবজাৰ থানাৰ গোচৰৰ।

গীতানগৰ থানাৰ গোচৰ নং 406/2021, দুয়োটা ধাৰাত একেটাই ধাৰা সন্নিবিষ্ট হৈছিল।

নগত ২০ হাজাৰ টকাৰ বণ্ডত জামিনত মুক্তি। মুকলি আকাশৰ তললৈ আহিয়ে ধাৰাপুৰত আজি ১ মান বজাত সংবাদমেল দিব শ্বেৰমান আলীয়ে।

আৰু পঢ়ক : ব্যৱহাৰিক পৰীক্ষা বুলি কৈ নি ১৭ কিশোৰীক নিচা জাতীয় সামগ্ৰী দি ধৰ্ষণৰ চেষ্টা বিদ্যালয় মেনেজাৰৰ