26 C
Guwahati
Tuesday, September 27, 2022
More

    দেশৰ এনে এটা মন্দিৰ য’ত স্বামী-স্ত্ৰীয়ে একেলগে দৰ্শন কৰা নিষেধ, অশুভ বুলি মনা হয়

    দেশৰ এনে এটা মন্দিৰ য’ত স্বামী-স্ত্ৰীয়ে একেলগে দৰ্শন কৰা নিষেধ, অশুভ বুলি মনা হয়

    বৈচিত্ৰৰে ভৰা ভাৰতবৰ্ষৰ কথা কৈ শেষ কৰিব নোৱাৰি। এইখন দেশতে আছে এক এনে এটা মন্দিৰ, যি মন্দিৰ দৰ্শন কৰিবলৈ স্বামী-স্ত্ৰী একেলগে যাব নোৱাৰে। বা যোৱাতো নিশেষ।

    বিশ্বাস অনুসৰি এই মন্দিৰ স্বামী-স্ত্ৰীয়ে একেলগে দৰ্শন কৰিলে স্বামী-স্ত্ৰীৰ বিচ্ছেদ হয়। যাৰ বাবেই এই মন্দিৰলৈ আহিলে স্বামী বা স্ত্ৰীৰ ভিতৰত এগৰাকী বাহিৰত থাকি আনগৰাকীয়ে গৈ মন্দিৰ দৰ্শন কৰি আহে। সেই গৰাকী বাহিৰ আহিলেহে আনগৰাকী ভিতৰলৈ যায়।

    এই মন্দিৰটো হিমাচল প্ৰদেশৰ চিমলাৰ ৰামপুৰত ১১ হাজাৰ ফুট উচ্চতাত অৱস্থিত। মন্দিৰটো শ্ৰীকোটি মাতাৰ মন্দিৰ। বিশ্বাস কৰা হয় যে মাতা শৈলী শ্ৰীকোটি মন্দিৰত এগৰাকী কন্যাৰ ৰূপত বহি আছে।

    প্ৰচিলত কথা অনুসৰি, এই শ্ৰীকোটি মাতাই কন্যা ৰূপ ধাৰণ কৰি এই ঠাইলৈ আহিছিল। কিন্তু এগৰাকী ঋষিয়ে মাতাৰ কন্যা ৰূপ দেখি মোহিত যায় আৰু মাতাক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়ে। যি কথাত মাতাৰ ক্ৰোধ উঠে।

    মাতাই লগে লগে সেই ঋষিক কুকুৰ হোৱাৰ অভিশাপ দিয়াৰ লগতে সেই মন্দিৰত কোনো স্বামী-স্ত্ৰী আহিলেও বিচ্ছিন্ন হোৱাৰ অভিশোপ দিয়ে। সেই প্ৰথা অনুসৰিয়েই শতিকা ধৰি এই মন্দিৰত কোনদিনে কোনো স্বামী-স্ত্ৰীয়ে একেলগে ভিতৰত প্ৰৱেশ নকৰে।

    তাৰোপৰি মন্দিৰৰ বাহিৰত বহু সংখ্যক কুকুৰে ঘুৰা ঘুৰি কৰি থকা দেখিবলৈ পোৱা যায়। মান্যতা অনুসৰি সেই ঋষিয়ে আজিয়ো মাৰ ওচৰত ক্ষমা বিচাৰি প্ৰায়শ্চিত্ত কৰিবলৈ আহে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং