এইবাৰ আটক কৰিলে শক্তি কাপুৰৰ পুত্ৰক!অভিযোগ ড্ৰাগছ সেৱন…

0
375

এইবাৰ আটক কৰিলে শক্তি কাপুৰৰ পুত্ৰক!অভিযোগ ড্ৰাগছ সেৱন…

পূৰ্বৰে পৰাই বলীউড আৰু ড্ৰাগছৰ এটা সম্পৰ্ক আছে। বিগত কিছু সময়ৰ পৰা, ড্ৰাগছৰ গোচৰত বলীউডৰ বহুতো তাৰকাৰ নাম সাঙোৰ খাইছে ।

এইবাৰ বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভায়েক সিদ্ধান্ত কাপুৰক ড্ৰাগছ সেৱন কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে। দেওবাৰে নিশা বেংগালুৰুৰ এখন হোটেলত চলি থকা ৰেভ পাৰ্টিত আৰক্ষীয়ে অভিযান চলাই আৰু অভিযানৰ সময়ত সিদ্ধান্ত কাপুৰক আটক কৰে।

বেংগালুৰু আৰক্ষীৰ মতে, ড্ৰাগছ সেৱন কৰা ছয়জন লোকৰ ভিতৰত সিদ্ধান্ত কাপুৰও আছে। এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে এমজি ৰোডৰ এখন হোটেলত অভিযান চলায়, য’ত এটা ৰেভ পাৰ্টি চলি আছিল।

আৰক্ষীয়ে অভিযানৰ পিছত ৰেভ পাৰ্টিত ড্ৰাগছ সেৱন কৰাৰ সন্দেহ থকা কিছুমান লোকৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল। প্ৰেৰণ কৰা নমুনাৰ ৬ জন লোকে ড্ৰাগছ সেৱন কৰা বুলি নিশ্চিত হয়।

সেই ৬ জন লোকৰ ভিতৰত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভায়েক সিদ্ধান্ত কাপুৰো এজন । আৰক্ষীয়ে জনোৱা অনুসৰি, লোকসকলে ইতিমধ্যে ড্ৰাগছ সেৱন কৰি পাৰ্টিত উপস্থিত হৈছিল নে হোটেলত সেৱন কৰিছিল সেয়া স্পষ্ট নহয়। বেংগালুৰু আৰক্ষীয়ে আটাইকেইজন অভিযুক্তকে নিজৰ জিম্মাত লৈছে।