গণৰাজ্যৰ দিৱসৰ নিৰাপত্তাৰ মাজতে ৰাজ্যত গুলীচালনা! দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ এজন ব্যৱসায়ী…

0
196
প্ৰতিনিধিত্বমূলক চিত্ৰ

গণৰাজ্যৰ দিৱসৰ নিৰাপত্তাৰ মাজতে ৰাজ্যত গুলীচালনা! দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ এজন লোক

গণৰাজ্যৰ দিৱসৰ কটকটীয়া নিৰাপত্তাৰ মাজতে দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ এজন লোক। গুলীবিদ্ধ হয় গহণা ব্যৱসায়ী নিভাজ কৰ্মকাৰ।

এই ঘটনাৰ স্থান ঢেকীয়াজুলি। দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে ব্যৱসায়ীজনক দুৰ্বৃত্তই গুলীচালনা কৰে। দুৰ্বৃত্তই লোকজনৰ পৰা ধন দাবী কৰে আৰু নিদিলে গুলীচালনা কৰিম বুলি সকীয়াই দিয়ে।

এনে অৱস্থাত লোকজনে হাতত ধনা নাই বুলি কোৱাৰ পিছতে গুলীচালনা কৰে দুৰ্বৃত্তই। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত গুলীচালনাৰ ঘটনাত ৩ৰ পৰা ৪ জাঁই গুলী চলাই বুলি জানিব পৰা গৈছে।

দুখন বাইকত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দল। গুলীচালনাত বাঁওহাতত গুলী লাগিছে নিভাজ কৰ্মকাৰৰ। আহত ব্যৱসায়ীজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।