দিনদুপৰতে শিৱসাগৰত গুলীচালনা! ভাড়া ঘৰৰ টিন ফুটি শোৱনি কোঠাৰ ভিতৰত পৰিল গুলী, কিন্তু কোনে কৰিলে এই গুলীচালনা…

0
59

দিনদুপৰতে শিৱসাগৰত গুলীচালনা! ভাড়া ঘৰৰ টিন ফুটি শোৱনি কোঠাৰ ভিতৰত পৰিল গুলী, কিন্তু কোনে কৰিলে এই গুলীচালনা…

ৰাজ্যত দিন দুপৰতেই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ধাই আলিত সংঘটিত এই গুলিচালনাৰ ঘটনা। ধাই আলিৰ মচজিদৰ কাষৰ মুহিবুল হুছেইন পথৰ ইমৰাণ হুছেইনৰ ভাড়া ঘৰত ফুটিল গুলি।

অজ্ঞাত ব্যক্তিয়ে গুলি চালনা কৰা সন্দেহ৷ বুধবাৰৰ দুপৰীয়া সংঘটিত হৈছে এই ভয়ানক ঘটনাৰ। বিকত শব্দৰে টিন ফুটি কোঠাৰ ভিতৰত পৰিল গুলি।

গুলি ফুটাৰ সময়ত গৃহটোত ইমৰাণৰ পত্নী আৰু এগৰাকী বান্ধৱী আছিল। গুলি চালনাত কোনো আহত হোৱা নাই। অঞ্চলজুৰি চাঞ্চল্য। ঘটনাস্থলীত উদ্ধাৰ হৈছে কাৰ্টিজ৷ বৰ্তমানলৈকেও উপস্থিত হোৱা নাই কনো আৰক্ষী৷