গোলাঘাটত চাঞ্চ্যকৰ ঘটনা, প্ৰাক্তন প্ৰেমিকে ঘপিয়ালে প্ৰেমিকাৰ পিতৃ-মাতৃক

0
6237

গোলাঘাটত চাঞ্চ্যকৰ ঘটনা, প্ৰাক্তন প্ৰেমিকে ঘপিয়ালে প্ৰেমিকাৰ পিতৃ-মাতৃক

গোলাঘাট জিলাত সংঘটিত হৈছে এক অতিকে চাঞ্চ্যকৰ ঘটনা। প্ৰাক্তন প্ৰেমিকে সুৰামত্ত অৱস্থাত আহি ঘপিয়াই থৈ গ’ল প্ৰেমিকাৰ পিতৃ-মাতৃক। দাৰে ঘপিয়াই আহত কৰিলে প্ৰেমিকাৰ পিতৃ-মাতৃ হালক।

বৰ্তমানে চিকিৎসাধীন অৱস্থাত দুয়ো পিতৃ-মাতৃ। ঘটনা সংঘটিত হোৱাৰ পাছতে ততাতৈয়াকৈ দুয়োগৰাকীকে নিকট হাস্পতাললৈ লৈ যায় যদিও, পাছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয়।

অভিযোগ অনুসৰি, দীৰ্ঘদিনৰে পৰা যুৱতীৰ পিছত বেয়াকৈ পৰি আছিল ৰঙাই দাস নামৰ যুৱকজন। কিন্তু বাৰে বাৰে সেই প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আহিছিল যুৱতীয়ে।

যাৰ বাবে দীৰ্ঘদিনৰে পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰো চলাই আহিছিল যুৱতীৰ লগতে যুৱতীৰ পৰিয়ালকো। কিন্তু শেষত সেই অত্যাচাৰে ল’লে চৰম সীমা।

কালি ৩ ডিচেম্বৰ তাৰিখ শনিবাৰে নিশা দাৰে ঘপিয়াই দিয়ে যুৱতীৰ পৰিয়ালৰ লোকক। দাৰে ঘপিওৱাৰ পূৰ্বে জাতি-ধৰ্ম লৈয়ো বেয়াকৈ গালি-গালাজ কৰাৰো অভিযোগ ৰঙাই দাসৰ বিৰুদ্ধে।

যুৱতীৰ পিতৃ-মাতৃক খেদি খেদি ঘপিয়াই ৰঙাই দাসে। ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱতীৰ। যুৱতীৰ অভিযোগ অনুসৰি ৰঙাই দাসক এই কাৰ্যত ডাঙৰ ককায়েক আৰু মাকেও সহায় কৰি দিছে।