30 C
Guwahati
Tuesday, September 27, 2022
More

    ‘বহুত কষ্টত আছো, আপোনালোকৰ দোৱা লাগে’- হাস্পতালৰ বিচনাৰ পৰা ভিডিঅ’ শ্বেয়াৰ ৰাৱালপিণ্ডি এক্সপ্ৰেছৰ

    ‘বহুত কষ্টত আছো, আপোনালোকৰ দোৱা লাগে’- হাস্পতালৰ বিচনাৰ পৰা ভিডিঅ’ শ্বেয়াৰ ৰাৱালপিণ্ডি এক্সপ্ৰেছৰ

    বিশ্বৰ দ্ৰুততম বলাৰ ছোৱেইব আখতাৰ বৰ্তমানে অসুস্থ। হাস্পতালৰ বিচনাৰ পৰা শ্বেয়াৰ কৰিছে এক ভিডিঅ। ভিডিঅ শ্বেয়াৰ কৰি পাকিস্তানৰ পূৰ্ব ক্ৰিকেটাৰ ৰাৱালপিণ্ডি এক্সপ্ৰেছ খ্যাত ছোৱেইবে কয়, ‘বৰ্তমানে বহুত কষ্টত আছো, আপোনালোকৰ দোৱা লাগে’।

    এসময়ৰ বিশ্বৰ দ্ৰুততম বলাৰ, ঘণ্টাত ১৬১.৩ কিলোমিটাৰ ক্ষীপ্ৰতাৰে বল কৰি প্ৰতিপক্ষক চাপৰ মাজত ৰখা পাকিস্তানৰ সুদক্ষ বলাৰ ছোৱেইব আখতাৰে সদ্যহতে ভৰিৰ দুয়োটা আঁঠুৰে অস্ত্ৰোপচাৰ কৰায়।

    অস্ত্ৰোপচাৰৰ পাছতে হাস্পতালৰ বিচনাৰ পৰা এক ভিডিঅ শ্বেয়াৰ কৰে ৪৬ বৰ্ষীয় ছোৱেইবে। ভিডিঅত তেখেতে সকলো লোকৰে দোৱা বিচাৰিছে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণস্থিত এক হাস্পতালত ৫-৬ ঘণ্টীয়া অস্ত্ৰোপ্ৰচাৰৰ কৰায়।






    View this post on Instagram










    A post shared by Shoaib Akhtar (@imshoaibakhtar)

    ছোৱেইবে ইয়াকো কয় যে , বহুদিনৰে পৰা কষ্টত আছো। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ১১ বছৰ পাছতো কষ্টত আছো। ৪-৫ বছৰ আৰু খেলিব পাৰিলো হয়। কিন্তু যদিহে তেনে কৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ আজি হুইলচেয়াৰত বহাৰ অৱস্থা আহি পৰিল হয়।

    উল্লেখ্য যে, ছোৱেইবে পূৰ্বেও নিজৰ সমস্যাৰ কথা সদৰি কৰিছিল। বহু দিনৰে পৰা আঁঠুৰ সমস্যাত ভোগাৰ কথা কৈছিল। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত কমেন্ট্ৰী কৰাৰ লগতে ইউটিউবত সক্ৰিয় হৈ পৰিছিল ছোৱেইব আখতাৰ।

    View this post on Instagram

    A post shared by Shoaib Akhtar (@imshoaibakhtar)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং