35 C
Guwahati
Wednesday, October 13, 2021
More

    পাপ মোচন হ’বনে! পত্নীৰ যাত্ৰা বৈষ্ণ দেৱীলৈ…আনহাতে একেটা দিনতে স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল

    পাপ মোচন হ’বনে! পত্নীৰ যাত্ৰা বৈষ্ণ দেৱীলৈ…আনহাতে একেটা দিনতে স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল

    পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ অভিযোগত অভিযুক্ত শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বুধবাৰ ১৫ ছেপ্টেম্বৰ তাৰিখে ১৫০০ পৃষ্ঠাজোৰা অতিৰিক্ত চাৰ্জশ্বিট দাখিল কৰে।

    সেই একেটা দিনতে আনহাতে পত্নী শিল্পা ছেট্টীয়ো যাত্ৰা কৰে মাতাদি মন্দিৰ বৈষ্ণ দেৱীলৈ বুলি। বুধবাৰে পুৱাই জম্মুত উপস্থিত হৈ গুহাৰ বৈষ্ণ দেৱী মন্দিৰলৈ বুলি যাত্ৰা কৰে।

    প্ৰথমে কাটাৰত উপস্থিত হয়, আৰু তাৰ পৰাই ঘোঁৰাত উঠি পাহাৰৰ শিখৰলৈ উঠি যায় । যাত্ৰা পথত সংগ দিয়ে পৰিয়ালৰে এগৰাকীয়ে । আনহাতে অভিনেত্ৰীগৰাকীৰ সুৰক্ষাৰ বাবেও ন্যস্ত থাকে আৰক্ষী কৰ্মী।

    স্বামীৰ পাপ মোচন, নে নিজৰ উন্নতিৰ প্ৰাৰ্থনা বুলি সামাজিত মাধ্যমত এতিয়া প্ৰশ্ন উঠিছে শিল্পাৰ বিৰুদ্ধে। সমগ্ৰ যাত্ৰা পথতে জয় মাতা দি জপ কৰি যাত্ৰা কৰে শিল্পায়ে। লগতে সংবাদিকেৰে হোৱা মুখামুখিত হয়- ‘ইয়ালৈ আহি বহুত সুখি, এয়া দেৱ-দেৱতাৰেই আহ্বান যাৰ বাবে ইালৈ আহিবলৈ পাইছো। ‘

    আৰু পঢ়ক : অভিনেতাৰ ভিডিঅ’ দেখি আত্মহত্যাৰ চেষ্টা প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়াৰ, চাওক সেই ভিডিঅ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং